দুৰ্গা পূজাত অসমৰ পৰা বিদায় ল’লে দক্ষিণ পশ্চিম মৌচুমী বায়ুয়ে
উদ্বেগজনকভাবে কমি গ'ল বৰষুণৰ পৰিমাণ
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰ : সমগ্ৰ দেশত আৰ্থ সামাজিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দক্ষিণ পশ্চিম মৌচুমী বায়ুয়ে চিৰাচৰিত ধৰণে এইবেলি দুৰ্গা পূজাৰ মাজতে অসমসহ উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ পৰা বিদায় ললে । অৱশ্যে এইবেলি মৌচুমী বায়ুৰ পৰা ভবা ধৰণে অসমসহ উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ কৃষক ৰাইজে বিশেষ উপকৃত নহল । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এইবেলি পহিলা জুনত উত্তৰ পূবত প্ৰৱেশ কৰা মৌচুমী বায়ুয়ে প্ৰায় চাৰিমাহ বাৰদিন পাছত অৰ্থাৎ ১২ অক্টোবৰত দুৰ্গা পূজাৰ মহাসপ্তমীৰ দিনা উত্তৰ পূৱৰ পৰা নীৰৱে বিদায় লয় । এই সময়চোৱাত উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যতে উদ্বেগজনকভাবে কমি গল বৰষুণৰ পৰিমাণ ।
অৱশ্যে স্বাভাৱিকতকৈ ১৯ শতাংশ বৰষুণ কম বা বেছি হলে বতৰ বিজ্ঞানৰ ভাষাত তাক স্বাভাৱিক বুলিয়ে ধৰা হয় । সেই হিচাপত উত্তৰ পূবত একমাত্ৰ ত্ৰিপুৰাত ১৫ শতাংশ ঘাঁটি হৈছে যদিও বতৰ বিজ্ঞানৰ ভাষাত সেয়া স্বাভাৱিক বুলিয়ে পৰিগণিত হৈছে । কিন্ত তাৰ বিপৰীতে বাকী ৰাজ্য কেইখনৰ ভিতৰত মণিপুৰত সৰ্বাধিক ৬০ শতাংশ , অৰুণাচল প্ৰদেশত ২৮ শতাংশ , নাগালেণ্ডত ২৬ শতাংশ , অসম আৰু মিজোৰামত ২২ শতাংশ , মেঘালয়ত ২১ শতাংশ বৰষুণ ঘাঁটি হৈছে । পৰিসংখ্যা হিচাপত এই সময়ছোৱাত অসমত বৰষুণ হ’ব লাগিছিল ১৪৮৬.২ মিলিমিটাৰ , কিন্ত হৈছে ১১৫১.৯ মিলিমিটাৰ । ত্ৰিপুৰাত হ’ব লাগিছিল ১৪৫৭ মিলিমিটাৰ , কিন্তু হৈছে ১২৪৫ মিলিমিটাৰ । মণিপুৰত হব লাগিছিল ১৪০৪.৯ মিলিমিটাৰ , কিন্তু হৈছে ৫৬০ মিলিমিটাৰ । ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ দৰে দক্ষিণ পশ্চিম মৌচুমী বায়ুয়ে ১২ অক্টোবৰত গুজৰাট , আৰু মধ্য প্ৰদেশৰ লগতে আন কেবাখনো ৰাজ্যৰ কিছু কিছু অঞ্চলৰ পৰা বিদায় মাগিছে ।
আংশিকভাবে মৌচুমী বায়ুয়ে কিছু কিছু অঞ্চলৰ পৰা বিদায় লোৱা ৰাজ্যকেইখন হল ক্ৰমে – মহাৰাষ্ট্ৰ , সতীশগড় , ওড়িষ্যা আৰু পশ্চিমবঙ্গ । আনহাতে মৌচুমী বায়ুৰ পূৰ্বতকৈ দুৰ্বল স্থিতি , গোলকীয় উত্তাপ , জলবায়ু পৰিবৰ্তন , ব্যাপক নগৰীকৰণ , বনাঞ্চল আৰু জলাশয়ৰ পৰিমাণ হ্ৰাস আদিৰ বাবে এইবেলি অক্টোবৰ মাহৰ আধা দিন পাৰ হোৱাৰ পাছতো গৰমে বিদায় মাগিব খোজা নাই বা শীতৰ আগমণ হ’ব খোজা নাই । অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰই বঙ্গোপ উপসাগৰত ঘটা কেতবোৰ প্ৰাকৃতিক পৰিঘটনাৰ বাবে সৃষ্টি হোৱা নিম্নচাপ আৰু সেই নিম্নচাপৰ প্ৰভাৱত ১৮ অক্টোবৰৰ পাছত অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ আকাশ দুদিন – তিনিদিনলৈ ডাৱৰীয়া হৈ থকাৰ লগতে ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হ’ব বুলি সদৰি কৰিছে । সমান্তৰালকৈ বতাহ বলি থাকিব বাবে তাপমাত্ৰা বহুখিনী কমি যাব আৰু ৰাইজে লাহে লাহে গেলা গৰমৰ পৰা ৰক্ষা পাব বুলি সদৰি কৰিছে ।