নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগবেলা প্রচণ্ড যান–জঁট, বিয়লি উকা ৰাজপথ

ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে জাৰি কৰা কঠোৰ নীতি–নির্দেশনা–উলংঘা

নিয়মীয়া বাৰ্তা ১৭ জুনঃ ক’ৰোনাৰ দ্বিতীয় ঢ়ৌত ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীত সর্বাধিক লোক আক্রান্ত হৈছে৷ ৰাজ্যত ভয়াৱহভাৱে ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱাত চৰকাৰে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছিল৷ ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে জাৰি কৰা নীতি–নির্দেশনা মানি চলাৰ ক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি আৰক্ষী সঞ্চালকপ্রধানে ঘোষণা কৰিছিল৷ অসম আৰক্ষীয়েও চৰকাৰী নীতি–নির্দেশনা উলংঘা কৰা লোকৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ ৰাজ্যৰ আন প্রান্ততো দূৰৈৰে কথা, খোদ গুৱাহাটী মহানগৰীত একাংশ লোকে ক’ভিড নির্দেশনা উলংঘাৰে যাতায়াত কৰি আহিছে৷ মহানগৰ আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পাছতো ক’ৰোনাৰ সংক্রমণৰ হাৰ সামান্য হ্রাস পোৱাৰ সুযোগ লৈ একাংশ অসচেতন লোকে নির্দেশনা উলংঘাৰে বাহন লৈ চলা–ফুৰা কৰি আহিছে৷

আনলকৰ সময়ছোৱাত জনসমাগম হ্রাস কৰাৰ লক্ষ্যৰে যুগ্ম তাৰিখত যুগ্ম আৰু অযুগ্ম তাৰিখৰ অযুগ্ম নম্বৰৰ বাহন চলাচলৰ নির্দেশনা জাৰি কৰিছিল৷ কিন্তু এই নির্দেশনা উলংঘাৰে মহানগৰীত এতিয়া একাংশ লোকে বিনা কাৰণত বাহন লৈ ওলাই অহাত মহানগৰীৰ বিভিন্ন স্থানত তীব্র যান–জঁট সৃষ্টি হৈছে৷ ক’ৰোনাৰ সংক্রমণ গুৱাহাটীত সামান্য হ্রাস পোৱাত আজিৰে পৰা দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ পূর্বৰ ১ বজাৰ সান্ধ্য আইন ২ বজালৈ বৃদ্ধি কৰাৰ লগে লগে আজি একাংশ লোকে যুগ্ম–যুগ্ম সংখ্যাৰ বাহন লৈ ওলাই অহা পৰিলক্ষিত হয়৷

অপ্রয়োজনীয়ভাৱে বাহন লৈ ওলাই অহাৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত তীব্র যান–জঁট সৃষ্টি হৈছে৷ তদুপৰি একাংশই আকৌ বজাৰ–সমাৰ কৰিবলৈ বাহন লৈ ওলাই অহাৰ ফলতে ঠাইবিশেষে যান–জঁট সৃষ্টি হৈছে৷ ইয়াৰ উপৰি চৰকাৰী আৰু বেচৰকাৰী কার্যালয়সমূহো খোলা ৰখাত কর্মচাৰীসকলে নিজা নিজা বাহন লৈ কার্যালয়লৈ ওলাই অহাত পুনৰ মহানগৰীত যান–জঁটত উৎকট গৰমত অতিষ্ঠ হ’বলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ এক কথাত আগবেলা প্রচণ্ড যান–জঁট, বিয়লি উকা ৰাজপথ৷ ইফালে সান্ধ্য আইন শিথিলতাৰ সুযোগ লৈ সান্ধ্য আইনৰ সময়ছোৱাতো ঠাইবিশেষে মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ ক’ৰোনাৰ সংক্রমণ সামান্য হ্রাস পোৱাৰ সময়তে এনেদৰে মহানগৰীত ভিৰ কৰা বিষয়টোৱে অনাগত দিনত ভয়াৱহ বিপদ কঢ়িয়াই আনিব৷

You might also like