নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰি–হেঙেৰাবাৰীত অভিযান–মাংসৰ দোকান ছীল 

নিয়মীয়া বাৰ্তা ১১ জুনঃ  লকডাউনৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত একাংশ মুনাফাখোৰ ব্যৱসায়ীয়ে অবৈধভাৱে মাংস বিক্রী কৰি আহিছে৷ অধিক মুনাফা অর্জনৰ বাবে অস্বাস্থ্যকৰ পৰিৱেশত প্রশাসনৰ বিনা অনুমতিত মাংস বিক্রী কৰি মহানাগৰিকৰ জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনা এনে অবৈধ মাংসৰ দোকানৰ বিৰুদ্ধে আজি গুৱাহাটী পৌৰ নিগমৰ এটা গোটে অভিযান চলাই কেইবাখনো মাংসৰ দোকান ছীল কৰাৰ লগতে মুঠ পাঁচ হাজাৰ টকা জৰিমনা সংগ্রহ কৰে৷ তদুপৰি অভিযানকাৰী দলটোৱে প্রায় ১২ কেজি ছাগলীৰ মাংস জব্দ কৰিবলৈ সক্ষম হয়৷ জি এম চিৰ অভিযানকাৰী দলটোৱে আজি হেঙৰাবাৰী পথত দুখন ছাগলী মাংসৰ দোকানত অভিযান চলাই ১০০০ টকা জৰিমণা বিহে৷ একেদৰে হেঙেৰাবাৰী প্রাথমিক বিদ্যালয়ৰ সমীপত জি এম চি অভিযানকাৰী দলটোৱে দুখন গাহৰি মাংসৰ দোকানৰ পৰা অস্বাস্থ্যকৰ পৰিৱেশত মাংস বিক্রী কৰাৰ বাবে ২০০০ টকা জৰিমনা সংগ্রহ কৰি পৰৱর্তী সময়ত যাতে কদর্য পৰিৱেশত মাংস বিক্রী নকৰে তাৰ বাবে মাংস ব্যৱসায়ীক সকীয়াই দিয়ে৷ ইয়াৰ লগতে সেই স্থানৰ আন দুটা কুকুৰা মাংসৰ দোকানতো দলটোৱে অভিযান চলায়৷ চৰকাৰী বজাৰত দুখন ছাগলী মাংসৰ দোকানত দলটোৱে অভিযান চলাই ১০০০ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে প্রায় চাৰি কিলোগ্রাম মাংস জব্দ কৰে৷ ইয়াৰ পিছত অভিযানকাৰী দলটোৱে গণেশগুৰি বজাৰৰ চাৰিখন ছাগলী মাংসৰ দোকানত অভিযান চলাই প্রায় সাত কিলোগ্রাম মাংস জব্দ কৰাৰ লগতে এখন দোকান ছীল কৰে৷ বজাৰখনত জি এম চিৰ অভিযানকাৰী দলটোৱে এখন কুকুৰাভর্তি ভানো জব্দ কৰা বুলি জানিব পৰা গৈছে৷ তদুপৰি পৌৰ নিগমৰ অভিযানকাৰী দলটোৱে অবৈধভাৱে মাছ বিক্রী কৰা কেইবাখনো দোকানত অভিযান চলায়৷

You might also like