নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষামন্ত্ৰীৰ নিৰ্দেশনালৈ সঁহাৰি মহানগৰীৰ এস্কপাৰ্ট একাডেমীৰ

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ বাবে হোৱা আৰ্থিক অনাটনৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা ব্যক্তিগত বিদ্যালয়ে এপ্ৰিল মাহৰ ৫০ % মাচুল ল’ব পৰাৰ এই সিদ্ধান্তক গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত এস্কপাৰ্ট একাডেমীৰ (EXPERT ACADEMY) অধ্যক্ষ শ্ৰী মৃদুল কুমাৰ কলিতাই আদৰণি জনাইছে আৰু শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শ্ৰদ্ধা নিবেদন কৰিছে ।

লগতে এই দুৰ্যোগৰ সময়ত এস্কপাৰ্ট একাডেমীৰ পৰিচালনা সমিতিয়ে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক সকাহ দিবলৈ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰিছে ।

You might also like