নিয়মীয়া বাৰ্তা ২০ জুনঃ ৰাজ্যৰ আন প্রান্তৰ লগতে ৰাজধানী চহৰ গুৱাহাটীত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্রমণ৷ বিশেষকৈ ভ্রমণ বৃত্তান্ত নোহোৱাকৈয়ে একাংশ লোক ক’ৰোনাত আক্রান্ত হোৱাত মহানগৰীত সামাজিক সংক্রমণৰ আশংকা কৰা হৈছে৷ পুনৰ মহানগৰীত এনে কেইবাগৰাকীও ব্যক্তি ক’ৰোনাত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ কোনো ভ্রমণ বৃত্তান্ত নোহোৱাকৈয়ে মহানগৰীত এজন দন্ত চিকিৎসক আক্রান্ত হৈছে ক’ৰোনাত৷ প্রাপ্ত তথ্য অনুসৰি ক’ভিড–১৯ত আক্রান্ত হোৱা মহানগৰীৰ দন্ত চিকিৎকজন হৈছে অনুপম ডেকা৷ কামাখ্যাগেটৰ বাসিন্দা ডেকাৰ লাচিত নগৰত আছে ডেণ্টেল ক্লিনিক৷ যাৰ বাবে দন্ত চিকিৎসকজনৰ সংস্পর্শলৈ বহু ব্যক্তি অহাৰ আশংকা কৰা হৈছে৷ ইপিনে, অনিল নগৰৰ বাসিন্দা এজন ৰিক্সাচালকৰ শৰীৰতো ধৰা পৰিছে ক’ৰোনা ভাইৰাছৰ উপস্থিতি৷ ক’ৰোনাত আক্রান্ত ৰিক্সাচালকজন ৰাজকুমাৰ মণ্ডল বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে ৰিক্সাচালকজনে বাস কৰা বাসগৃহটো কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে মহানগৰ প্রশাসনে৷ লক্ষণীয় যে ৰিক্সাচালকজনৰ পত্নীয়ে অঞ্চলটোৰ কেইবাঘৰতো কাম কৰিছিল৷ যাক লৈ শংকিত হৈ পৰিছে অঞ্চলটোৰ বাসিন্দাসকল৷ মহানগৰীৰ মালিগাঁৱৰ অষ্টম এ পি বি এনৰ শিবিৰৰ এজন জোৱানৰ শৰীৰত ধৰা পৰিছে ক’ভিড–১৯৷ দিগন্ত ৰাভা নামৰ জোৱানজনক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত চিকিৎসালয়ত ভর্তি কৰা হৈছিল৷ মালিগাঁৱৰ নেতাজী বিদ্যাপীঠ স্কুলত বাহৰ পাতি থকা শিবিৰটোৰ এজন জোৱানৰ শৰীৰত কিছুদিন পূর্বে ধৰা পৰিছিল ক’ৰোনা ভাইৰাছ৷ তদুপৰি মালিগাঁৱত উত্তৰ প্রদেশৰ পৰা অহা এটা পৰিয়ালৰ দেহতো ধৰা পৰিছে ক’ৰোনা ভাইৰাছ৷ আনহাতে, মহানগৰীত ক’ৰোনাৰ হটবেডত পৰিণত হৈছে বিষ্ণুপুৰ অঞ্চল৷ প্রাপ্ত তথ্য অনুসৰি, বিষ্ণুপুৰৰ মুঠ ৮টা অঞ্চল কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ ইয়াৰে বিমলা নগৰতে ১৩জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ তৎসত্ত্বেও এই অঞ্চলৰ একাংশ লোকে প্রশাসনৰ বিৰুদ্ধে ওলাই অহা কার্যই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ কনটেইনমেণ্ট জ’ন ঘোষণা কৰাৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে স্থানীয় লোকসকলে৷
উল্লেখ্য যে দিনক দিনে মহানগৰীত বৃদ্ধি পাইছে কনটেইনমেণ্ট জ’নৰ সংখ্যা৷ কামৰূপ মহানগৰ জিলা প্রশাসনৰ তথ্য অনুসৰি আজিৰ দিনটোত গুৱাহাটীত কনটেইনমেণ্ট জ’নৰ সংখ্যা হৈছে ১৫৫টা৷ ইয়াৰ ৩৭টা কনটেইনমেণ্ট জ’ন প্রত্যাহাৰ কৰা হৈছে৷ বর্তমান সক্রিয় কনটেইনমেণ্ট জ’নৰ সংখ্যা হৈছে ১১৮টা৷ ইফালে, মহানগৰীৰ দুজন ক’ভিড–১৯ত আক্রান্তই পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ ঠিকনা দিয়াত হাহাকাৰ সৃষ্টি হৈছে আৰক্ষীৰ৷ এটা সূত্রই প্রকাশ কৰা অনুসৰি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত কাম কৰিবলৈ বহিঃৰাজ্যৰ পৰা অনা শ্রমিকৰ শৰীৰত ক’ৰোনা ভাইৰাছ ধৰা পৰিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়ত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত বৈদ্যুতিক কাম–কাজৰ বাবে বহিঃৰাজ্যৰ শ্রমিক অনা কার্যই বিপদ মাতিব বুলি সূত্রটোৱে আশংকা প্রকাশ কৰিছে৷ একে সময়তে এতিয়াও শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত কর্মচাৰীৰ উপস্থিতিৰ বাবে পাঞ্চিং মেচিন ব্যৱহাৰ কৰি থকা বুলিও সূত্রটোৱে প্রকাশ কৰিছে৷ যাৰ বাবে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত সামাজিক সংক্রমণৰ আশংকা কৰা হৈছে৷