মহানগৰীত অর্ধশতাধিক অবৈধ বটলিঙৰ প্রতিষ্ঠান
নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ প্রান্তে প্রান্তে কাঠফুলাৰ দৰে গঢ়ি উঠিছে পানী বটলিঙৰ অবৈধ ব্যৱসায়ী প্রতিষ্ঠান৷ গুৱাহাটী পৌৰ নিগম আৰু স্বাস্থ্য বিভাগৰ বিনা অনুমতিত মহানগৰীৰ বিভিন্ন স্থানত অবৈধভাৱে বৰিং কৰি অসাধু চক্রই চলাইছে খোৱাপানীৰ বেহা৷ বিশুদ্ধ খোৱা পানীৰ নামত অসাধু চক্রই মহানাগৰিকক বৰবিহ খুৱাই অহাৰ পাছতো আৰক্ষী–প্রশাসনে এইসকল অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ইয়াৰ বিপৰীতে জিএমচিৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰী আৰু আৰক্ষী বিষয়াই ধনৰ বিনিময়ত মহানগৰীত অবৈধভাৱে অসাধু চক্রৰ পানীৰ ব্যৱসায় চলাবলৈ বৰপীৰা পাৰি দিয়া পৰিলক্ষিত হৈছে৷ বিভাগীয় কর্তৃপক্ষৰ অনুমতি তথা পৌৰ নিগমৰ বৈধ ব্যৱসায়িক অনুজ্ঞাপত্র অবিহনে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা আহি মহানগৰীত কিদৰে পানীৰ নামত বৰবিহৰ ব্যৱসায় চলাবলৈ সুবিধা পালে সেয়া এক নুবুজা সাঁথৰ৷ বিশেষকৈ মহানগৰীৰ নুনমাটি, শালবাৰী, নিজৰাপাৰ, সাতগাঁও, পাথৰকুৱৰী, হাতীগাঁও, সিজুবাৰী, ঘোঁৰামাৰা, বেহাৰবাৰী, সোণাইঘুলি, লখৰা আৰু গড়চুককে ধৰি মহানগৰীৰ বিভিন্ন প্রান্তত ৪০টাৰো অধিক অবৈধ পানী বটলিঙৰ প্রতিষ্ঠান চলি থকাৰ কথা জানিব পৰা গৈছে৷
ইয়াৰে অধিকাংশ প্রতিষ্ঠানৰ নাই জি এম চিৰ বৈধ ব্যৱসায়িক অনুজ্ঞাপত্র৷ তদুপৰি এইসকল ব্যৱসায়ীয়ে বটলিং কৰা পানী খোৱাৰ বাবে উপযোগী নহয়৷ জধে–মধে বৰিং কৰি বিশুদ্ধ খোৱাপানীৰ নামত মহানাগৰিকৰ জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ পাছতো আৰক্ষী প্রশাসনে তেওঁলোকৰ বিৰুদ্ধে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা নাই৷ অৱশ্যে নুনমাটি আৰক্ষীয়ে যোৱা ২৪ ঘণ্টাত শালবাৰীত অবৈধভাৱে পানী বটলিঙৰ ব্যৱসায় চলোৱা দুজনক গ্রেপ্তাৰ কৰিছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে আব্দুল কৰিম নামৰ এজন লোকে নুনমাটিৰ শালবাৰীত এম এছ ফৰহাত এণ্টাৰপ্রাইজৰ জৰিয়তে ‘নিজৰা’ বেণ্ডৰ (২০ লিটাৰ) পানী বটলিং কৰি আছিল৷ অলপতে ব্যৱসায়ীজনে বটলিং কৰা পানীৰ বটলত ‘বেলি’ৰ ছীল লগাই মহানগৰীৰ বজাৰত মেলি দিছিল৷ ঘটনা সন্দর্ভত নুনমাটি থানাত ৰুজু হোৱা ৮০১/২১ নম্বৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে কালি পানীৰ বটলভর্তি এ এছ ১৪ এ চি ০৫৩৭ নম্বৰৰ বাহন জব্দ কৰাৰ লগতে জাকিৰ হুছেইন নামৰ এজন চালকক আটক কৰে৷ আটকাধীন লোকজনক সোধা–পোছা কৰি পৰৱর্তী সময়ত ফৰহাত এণ্টাৰপ্রাইজৰ স্বত্বাধিকাৰী কৰিমক গ্রেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰোৱাত কামৰূপ (ম) জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে দুয়োকে জে’ল হাজোতলৈ প্রেৰণ কৰে৷