নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজানবজাৰত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট: কামৰূপ সদৰ আবকাৰী বিভাগ, লতাশিল থানাৰ আৰক্ষী অৰু জিলা প্রশাসনৰ একাংশ অসাধু বিষয়াৰ পৃষ্ঠপোষকতাত বছৰৰ পিছত বছৰ ধৰি উজান বজাৰত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই অহিছে এটা অসাধু চক্রই৷

অসাধু বিষয়াৰে মাহেকীয়া ধনৰ লেনদেন কৰি উজান বজাৰত মুকলিকৈ বিলাতী সুৰাৰ বেহা চলাই আহিছে৷ উজান বজাৰৰ বেল, ৰামনাথ, ৰাজুৰ নেতৃত্বত দীর্ঘদিন ধৰি অবৈধ সুৰাৰ বেহা চলি আহিছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে চৰকাৰে জাৰি কৰা সান্ধ্য আইন উলংঘাৰে পুৱতি নিশালৈকে উজান বজাৰৰ সুৰাৰ ঘাটিত বেল, ৰামনাথ আৰু ৰাজুৱে শিশু অৰু কিশোৰক সুৰা বিক্রীৰ বাবে নিয়োগ কৰিছে৷

আবকাৰী, আৰক্ষী আৰু জিলা প্রশাসনৰ অসাধু বিষয়াক মোটা অংকৰ ধনৰ বিনিময়ত মেনেজ কৰি প্রভাৱশালী হৈ পৰা ৰামনাথ, বেল আৰু ৰাজুৱে ড্রাই ডে’তো মুকলিকৈ বিক্রী কৰে সুৰা৷

দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ড্রাই ডে’ থকাত দেওবাৰে পুৱাৰে পৰা উজান বজাৰৰ সুৰাৰ ঘাটিত বিৰ দি বাট নোপোৱা অৱস্থা৷ আনকি উজান বজাৰৰ অবৈধ সুৰাৰ ঘাটিত এ এছ ০১ ই এল ৮৫২৭ নম্বৰৰ অতিৰিক্ত উপায়ুক্তৰ ফলক লগোৱা বাহন লৈ সুৰা ক্রয় কৰিবলৈ আহে৷ প্রায় আধা ঘণ্টা ধৰি উক্ত বাহনখন সুৰাৰ ঘাটিৰ সন্মুখত ৰখাই থোৱাত তীব্র যান–জঁটৰো সৃষ্টি হয়৷

ড্রাই ডে’ত উজান বজাৰৰ অবৈধ সুৰাৰ ঘাটিত চৰকাৰী বাহন লৈ সুৰা ক্রয়ৰ বাবে অহাক লৈ অঞ্চলটোত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি লতাশিল থানা, কামৰূপ সদৰ আবকাৰী আৰু জিলা প্রশাসনৰ অসাধু বিষয়াৰ পৃষ্ঠপোষকতাতেই উজান বজাৰৰ অবৈধ সুৰাৰ ঘাটি চলি অহিছে৷

উল্লেখ্য যে কেৱল উজান বজাৰতে নহয়, মহানগৰীৰ উলুবাৰী, কছাৰীবস্তি, ছলাপাৰা, গান্ধীবস্তি অদি অঞ্চলটো অবৈধ সুৰাৰ বেহা চলাই আহিছে এটা সমাজবিৰোধী চক্রই৷

You might also like