নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত চৰকাৰে নির্ধাৰণ কৰা দৰত পাবলৈ নাই আলু–পিঁয়াজ

নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ চৰকাৰ–প্রশাসনে নিয়ন্ত্রণ কৰিব পৰা নাই আলু–পিঁয়াজ, শাক–পাচলিকে ধৰি অন্যান্য সামগ্রীৰ বজাৰখন৷ কালি মন্ত্রী ফণীভূষণ চৌধুৰীয়ে পাইকাৰী দৰৰ সর্বাধিক ৬ টকা অধিক দামতহে খুচুৰা ব্যৱসায়ীয়ে আলু–পিঁয়াজ বিক্রী কৰিব পাৰিব বুলি ঘোষণা কৰিছিল৷ লগতে আলু–পিঁয়াজ আৰু শাক–পাচলিৰ দামবৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ জিলা প্রশাসনক টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ নির্দেশ দিছিল মন্ত্রী চৌধুৰীয়ে৷ কিন্তু আজি গুৱাহাটীৰ বজাৰত গ্রাহকে আলু–পিঁয়াজ ক্রয় কৰিব নোৱাৰিলে চৰকাৰে বান্ধি দিয়া দৰত৷ মহানগৰীত বজাৰভেদে ব্যৱসায়ীসকলে প্রতিকেজি পিঁয়াজ ৬০–৭০ টকা দৰত আৰু আলু ৪৫–৬০ টকা দৰত গ্রাহকক বিক্রী কৰে৷ অৱশ্যে একাংশ ব্যৱসায়ীয়ে চৰকাৰে বান্ধি দিয়া দৰত আলু–পিঁয়াজ বিক্রী কৰি লোকচানৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিছে৷ চৰকাৰ–প্রশাসনৰ ব্যর্থতাৰ বাবেই আজি পুনৰ অত্যধিক দৰত আলু–পিঁয়াজ, শাক–পাচলিকে ধৰি অন্যান্য খাদ্য সামগ্রী ক্রয় কৰিব লগা হ’ল বুলি ভুক্তভোগী গ্রাহকসকলে অভিযোগ কৰিছে৷ ইফালে, আজি মহানগৰ জিলা প্রশাসনে খাদ্য সামগ্রীৰ দামবৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ অতিৰিক্ত উপায়ুক্ত ঋতুৰাজ গগৈ আৰু স্রবনা সোণোৱালৰ নেতৃত্বত পৌৰ নিগম, যোগান বিভাগ, বৈধ পৰিমাপ বিভাগ, মহানগৰ আৰক্ষীৰ বিষয়া–কর্মচাৰীসহ দুটাকৈ টাস্ক ফ’চ গঠন কৰি দিছে৷ এই দল দুটাই অত্যধিক দামত আলু–পিঁয়াজ, শাক–পাচলি আৰু মিঠাতেল বিক্রী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাব৷

You might also like