নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুক্রেশ্বৰ–বড়িপাৰা আদাবাৰীত ফুটব্রিজ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে গুৱাহাটীত ৰাজ্যিক স্ব–গ্রাধিকাৰ উন্নয়ন পুঁজি (এছ অ’ পি ডি–জি) ২০১৯–২০ৰ অধীনত নির্মিত তিনিখন পদপথ সেতুৰ শুভ উদ্বোধন কৰে৷

উল্লেখ্য যে ২৮ মিটাৰ দৈর্ঘ্যৰ ১,০৩৮ লাখ টকা ব্যয়সাপেক্ষ আদাবাৰী–এ টি ৰোড পদপথ সেতু, ৯৭০.৬০ লাখ টকা ব্যয়সাপেক্ষ ২৮ মিটাৰ দৈর্ঘ্যৰ বড়িপাৰা–এ টি ৰোড পদপথ সেতু আৰু ৭৯৮.০৪ লাখ টকা ব্যয়সাপেক্ষ ১৯.৭০ মিটাৰ দৈর্ঘ্যৰ শুক্রেশ্বৰ পদপথ সেতু নির্মাণ কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ ১০০ দিনীয়া পূর্তি উপলক্ষে এই পদপথ সেতুকেইখন জনসাধাৰণলৈ উৎসর্গিত কৰি মুখ্যমন্ত্রীয়ে সময় নির্ধাৰিতভাৱে এই প্রকল্প সম্পূর্ণ কৰাৰ বাবে নির্মাণকার্যৰ সৈতে জডিত থকা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে৷

তেওঁ কয় যে এই পদপথ সেতুকেইখন ব্যস্ততাপূর্ণ সময়ছোৱাত পথচাৰীসকলক পথ অতিক্রম কৰাৰ ক্ষেত্রত সহায়ক হৈ উঠিব৷ তেওঁ কয় যে আধুনিক সা–সুবিধা সন্নিৱিষ্ট এই পদপথ সেতুকেইখনে মহানগৰীৰ সৌন্দর্যবর্ধনৰ ক্ষেত্রতো ইতিবাচক প্রভাৱ পেলাব৷ মুখ্যমন্ত্রীয়ে কয় যে মহানগৰ আৰক্ষী আয়ুক্ত, উপায়ুক্ত ইত্যাদিৰ ঐতিহাসিক ভৱনৰ সংৰক্ষণৰ কাম চলি আছে৷ এই ভৱনসমূহৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠিলে জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ’ব৷ তেওঁ লগতে কয় যে গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত যিসমূহ উৰণ সেতুৰ নির্মাণকার্য চলি আছে, সেই সেতুসমূহৰ নির্মাণ সময় নির্ধাৰিতভাৱে সম্পূর্ণ হৈ উঠিব৷

মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটী মহানগৰীৰ সৌন্দর্যবর্ধন আৰু উন্নয়নৰ বাবে বিভিন্ন প্রকল্পৰ কাম হাতত লোৱা হৈছে৷ তেওঁ কয় যে মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ৰ ওচৰত ২৪০খন বাহন ৰাখিব পৰাকৈ স্বয়ংক্রিয় বহুমুখী কাৰ পার্কিং শেহতীয়াভাৱে মুকলি কৰা হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰ চৌহদত এখন উদ্ভিদ উদ্যান স্থাপনৰ কাম আৰম্ভ কৰা হৈছে৷ আজিৰ এই অনুষ্ঠানত গৃহনির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ মন্ত্রী অশোক সিংঘল, সাংসদ কুইন ওজা, বিধায়ক সিদ্ধার্থ ভট্টাচার্য উপস্থিত আছিল৷

You might also like