নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেত্রীক লৈ জুবিনৰ অভব্য মন্তব্যঃ তদন্ত বিচাৰিলে ৰাজ্যিক মহিলা আয়োগে

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ যুৱ প্রজন্মৰ হার্টথ্রব জুবিন গার্গে ৰাজহুৱা অনুষ্ঠানত অভিনেত্রীক লৈ অশালীন মন্তব্য কৰাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ জুবিন গার্গৰ এই বিতর্কিত মন্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা নাৰীক লৈ জুবিনে কৰা মন্তব্যৰ সত্যাসত্য বিচাৰি অসম ৰাজ্যিক মহিলা আয়োগে আৰক্ষী সঞ্চালক প্রধানলৈ পত্র প্রেৰণ কৰাৰ লগতে এইক্ষেত্রত আইনগত ব্যৱস্থা গ্রহণ কৰিবলৈও আহ্বান জনাইছে৷

You might also like