কামত গাফিলতি কৰা ঠিকাদাৰক ব্লেকলিষ্টেড কৰাৰ নির্দেশ
নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীক দেশৰ ভিতৰত এখন অন্যতম মহানগৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে ন ন পৰিকল্পনা প্রস্তুত কৰি ইয়াক বাস্তৱ ৰূপ দিয়াৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰিছে৷ নতুন চিন্তা, পৰিকল্পনা আৰু উদ্যমেৰে কাম কৰি মহানগৰীক বিশেষ মাত্রা দিয়াৰ বাবে গুৱাহাটী পৌৰ নিগম আৰু বিভিন্ন কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ আৰু বিষয়া–কর্মচাৰীসক সমন্বয়ৰ মাজেৰে কাম কৰিব লাগিব৷ –এই মন্তব্য অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিকল্পনা বিভাগৰ মন্ত্রী অশোক সিংহলৰ৷
মহানগৰীৰ ৰবীন্দ্র ভৱনত মহানগৰীৰ উন্নয়নমূলক কাম–কাজ সন্দর্ভত জি এম চিৰ বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰৰ সৈতে হোৱা পর্যালোচনা সভাত অংশগ্রহণ কৰি মন্ত্রীগৰাকীয়ে এইদৰে মন্তব্য কৰে৷মহানগৰীত চলি থকা উন্নয়নমূলক কাম–কাজ আৰু চৰকাৰী আঁচনি সন্দর্ভত খতিয়ান লৈ মন্ত্রীগৰাকীয়ে কয় যে জি এম চিৰ অধীনত চলি থকা সকলো কাম–কাজৰ নিবিদা আৰু পর্যালোচনা অনলাইনযোগে কৰা হ’ব৷ এইক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ মন্ত্রীগৰাকীয়ে পৌৰ আয়ুক্তক নির্দেশ দিয়ে৷
ইপিনে, ঠিকাদাৰসকলে ভোগ কৰি অহা সকলো সমস্যা অহা সাত দিনৰ ভিতৰত পর্যায়ক্রমে সমাধান কৰাৰ উপৰি জি এম চিৰ অধীনত চলি থকা প্রতিটো চৰকাৰী কাম–কাজৰ ফলক আঁৰিবলৈ পৌৰ আয়ুক্ত আৰু মুখ্য অভিযন্তাক নির্দেশ দিয়ে৷ একেদৰে ভাল কাম কৰা ঠিকাদাৰসকলক উৎসাহ দিয়াৰ পৰিৱর্তে কামত গাফিলতি কৰা ঠিকাদাৰসকলক চিনাক্ত কৰি ব্লেকলিষ্টেট কৰিবলৈ মন্ত্রীগৰাকীয়ে পৌৰ আয়ুক্তক ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷ প্রয়োজনত জি এম চিৰ ঠিকাদাৰসকলক বহিঃৰাজ্যলৈ পঠিয়াই দক্ষতা বৃদ্ধি কৰাৰ পোষকতা কৰে মন্ত্রীগৰাকীয়ে৷ কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰসকলে ৱেবছাইটৰ জৰিয়তে কামৰ খতিয়ান আৰু অগ্রগতি সন্দর্ভত জি এম চি কর্তৃপক্ষক অৱগত কৰাব লাগিব বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷
আনহাতে, মহানগৰীৰ নলা–নর্দমা নিষ্কাশনৰ ক্ষেত্রত চৰকাৰে অত্যাধুনিক পদ্ধতিৰ জৰিয়তে ঠিকাদাৰসকলক কাম কৰাৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰাৰ ক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিব৷ তদুপৰি মহানগৰীৰ প্রতিটো অঞ্চলত ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰিবলৈ জি এম চি কমিছনাৰক মন্ত্রীগৰাকীয়ে নির্দেশ দিয়ে৷ গুৱাহাটী মহানগৰীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্রতো যাতে পৌৰ নিগমে যাৱতীয় ব্যৱস্থা গ্রহণ কৰে তাৰ বাবে মন্ত্রীগৰাকীয়ে সকলোকে আহ্বান জনায়৷ গুৱাহাটী পৌৰ নিগমৰ অধীনত অহা তিনি মাহলৈকে কোনো নতুন কাম হাতত লোৱা নহয় বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰি পূর্বে আৰম্ভ কৰা কামসমূহ নির্দিষ্ট সময়ছোৱাত সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ সেয়ে পৌৰ নিগমক শীঘ্রে কামসমূহ সম্পন্ন কৰিবলৈ মন্ত্রী সিংহলে নির্দেশ দিয়ে৷ সভাত জিএমচিৰ ঠিকাদাৰসকলে ভোগ কৰি অহা সমস্যাসমূহ মন্ত্রীক অৱগত কৰি দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ ক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনোৱাত মন্ত্রীগৰাকীয়ে সঁহাৰি জনায়৷ আজিৰ সভাত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, পৌৰ আয়ুক্ত দেৱাশিস শর্মা, মুখ্য অভিযন্তা তছদিকুৰ ৰহমানকে ধৰি শতাধিক ঠিকাদাৰ উপস্থিত থাকে৷