নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিৰ ৫৩টা পার্কিং আবণ্টনত অনিয়ম

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ গুৱাহাটী পৌৰ নিগমৰ একাংশ অসাধু বিষয়া–কর্মচাৰীৰ পৃষ্ঠপোষকতাত দীর্ঘদিন ধৰি চলি আহিছে পার্কিং ছিণ্ডিকেট৷ শিক্ষিত নিবনুৱাক বঞ্চিত কৰি কমিছনৰ অংকত মহানগৰীৰ বিভিন্ন স্থানত থকা ৫৩টা পার্কিঙক লৈ বছৰৰ পাছত বছৰ ধৰি ছিণ্ডিকেট চলাই আহিছে এটা শক্তিশালী চক্রই৷ গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা এই ৫৩টা পার্কিঙৰ পৰা বছৰি ২ কোটিৰো অধিক টকাৰ ৰাজহ সংগৃহীত হয়৷ পৌৰ নিগমৰ একাংশ অসাধু বিষয়া–কর্মচাৰীয়ে পার্কিঙৰ নিবিদাৰ নামত ছিণ্ডিকেট চক্রটোৰে গোপন বুজাবুজি কৰি শিক্ষিত নিবনুৱাক বঞ্চিত কৰি এজন লোককে ৬টালৈকে পার্কিং আবণ্টন দিছে৷

প্রাপ্ত তথ্য অনুসৰি গুৱাহাটী পৌৰ নিগমে শুভাংকৰ শর্মা নামৰ লোকজনক মহানগৰীৰ বিভিন্ন স্থানৰ ছটাকৈ পার্কিং আবণ্টন দিছে৷ ইয়াৰ উপৰি অভিজিৎ কলিতা নামৰ লোকজনক আবণ্টন দিছে চাৰিটা পার্কিং৷ সিদ্ধার্থ ভক্ত নামৰ লোকজনক আবণ্টন দিছে তিনিটা পার্কিং৷ পার্থজিৎ বৈশ্য নামৰ লোকজনে নিজৰ নামত দুটা পার্কিং আবণ্টন লোৱাৰ উপৰি মেচার্ছ ৰানপাৰ নামৰ ফার্মখনৰ নামত তিনিটাকৈ পার্কিং আবণ্টন লৈছে৷ পার্থজিৎ বৈশ্যই ছয়মাইল ফ্লাইভাৰ, গণেশগুৰি ফ্লাইভাৰ, তৈয়বুল্লা ৰোডৰ মেচার্ছ ৰানপাৰ নামৰ ফার্মখনৰ নামত পার্কিং আবণ্টন লৈছে৷ ইয়াৰ উপৰি বৈশ্যই জি এছ ৰোডৰ দুটা স্থানত নিজৰ নামত পার্কিং আবণ্টন লৈছে৷ একেদৰে শম্ভু দাসে দুটা, সত্যজিৎ শর্মাই দুটা, জ্যোতিৰাজ ডেকাই দুটা, ধীৰাজ ৰাজবংশীয়ে দুটা, দেৱজিৎ ব্রহ্মই দুটা, চাহিদ আহমেদে দুটা পার্কিং আবণ্টন পাইছে৷ পৌৰ নিগমৰ নিয়ম অনুসৰি পার্কিং আবণ্টন লোৱা লেচীয়ে পার্কিং মাচুল সংগ্রহ কৰিব লাগে৷ কিন্তু নিজৰ নামত পার্কিং আবণ্টন লৈ একাংশ ঠিকাদাৰে উপ–ঠিকা প্রদান কৰি ধন সংগ্রহ কৰি আহিছে৷ পৌৰ নিগম কর্তৃপক্ষই নির্ধাৰণ কৰি দিয়া পার্কিং মাচুল ঠিকাদাৰে সংগ্রহ কৰিব লাগে৷ কিন্তু উপ–ঠিকা লাভ কৰা ঠিকাদাৰে নীতি–নির্দেশনা উলংঘাৰে জোৰ–জুলুমকৈ বিভিন্ন লোকৰ পৰা অত্যধিক হাৰত পার্কিঙৰ ধন সংগ্রহ কৰি আহিছে৷

পৌৰ নিগমৰ নির্দেশনা অনুসৰি প্রথম দুঘণ্টাৰ বাবে দুচকীয়া বাহনৰ পৰা ৫ টকা, তিনি–চাৰিচকীয়া বাহনৰ পৰা ১০ টকা আৰু ট্রাকৰ পৰা ২০ টকা সংগ্রহ কৰিব লাগে লেচীয়ে৷ কিন্তু উপ–ঠিকা লাভ কৰা লেচীয়ে দুচকীয়া বাহনৰ পৰা ১০ টকা, তিনি–চাৰিচকীয়া বাহনৰ পৰা ২০–৩০ টকা আৰু ট্রাকৰ পৰা ৫০ টকাকৈ সংগ্রহ কৰি অহাৰ বহু অভিযোগ আছে৷ এই অভিযোগ লাভ কৰি পৌৰ নিগম কর্তৃপক্ষই কিছুদিন পূর্বে জি এম চিয়ে নির্ধাৰণ কৰা পার্কিং মাচুল সংগ্রহ কৰিবলৈ লেচীলৈ নির্দেশ জাৰি কৰিছিল৷ পৌৰ নিগমৰ একাংশ অসাধু বিষয়া–কর্মচাৰীৰ পৃষ্ঠপোষকতাত চলি থকা পার্কিং ছিণ্ডিকেট বন্ধ কৰাৰ বাবে পৌৰ আয়ুক্তই কি ব্যৱস্থা কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like