শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মঞ্চস্থ হ’ব ‘ইত্যাদি’
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ অহা ২০ আৰু ২১ ফেব্রুৱাৰীত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মঞ্চস্থ কৰা হ’ব ‘ইত্যাদি’ নামৰ নাটকখন৷ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ ‘খোজৰ শব্দ’ আৰু প্রয়াত সাংবাদিক পুতুল হাজৰিকাৰ গল্প ‘বুকুত কাইটৰ খোচ’ৰ আধাৰত নাট্যকাৰ ঋতুপর্ণ দাসে ‘ইত্যাদি’ ৰচনা কৰিছে৷
সাংবাদিক আৰু সংবাদকর্মীয়ে অভিনয় কৰা নাটখনৰ আখৰা গুৱাহাটী প্রেছ ক্লাবত পূর্ণগতিত চলি আছে৷ ২০ আৰু ২১ ফেব্রুৱাৰীৰ বিয়লি ৩.১৫ বজাত আৰু সন্ধিয়া ৬.৩০ বজাত নাটখন মঞ্চস্থ কৰা হ’ব৷ নাটখনৰ বিভিন্ন চৰিত্রত অভিনয় কৰিছে শান্তনু মহন্ত, নয়নজ্যোতি ভূঞা, প্রশান্ত দাস, পল্লবী বৰা, মছফিকা আহমেদ, জগদীশ ডেকা, শোণিত কুমাৰ ভূঞা, কনক শইকীয়া, ডিম্পল বৰগোহাঁই, পল্লৱ দ্বিজেন, হেমন্ত শর্মা, পংকজ মেধি, গার্গি দত্ত, নিবিড় মৃদুতা, দেৱপ্রতিম বৰুৱা, মনীষা কলিতা, ময়ূৰী গোস্বামী আৰু মনালিছা দাসে৷
উল্লেখ্য যে যোৱা ১৮ জানুৱাৰীত গুৱাহাটী প্রেছ ক্লাবত ইত্যাদিৰ শুভ মহুৰত সম্পন্ন কৰা হৈছিল৷