নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক জয়ন্ত মল্লৰ নাম ব্যৱহাৰ কৰি ব্যৱসায়ীক ৩০ লাখ টকা দাবীঃ ভঙাগড়ত আৰক্ষীৰ জালত প্রৱঞ্চক নৱদীপ শর্মা

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ নাম ব্যৱহাৰ কৰি গুৱাহাটীৰ নবীন নগৰৰ প্রতিষ্ঠিত ব্যৱসায়ী সন্দীপ জালানক ৩০ লাখ টকা দাবী কৰা এটা প্রৱঞ্চকক ভঙাগড় আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ধৃত প্রৱঞ্চকটো মহানগৰীৰ বাঘৰবড়িৰ নৱদীপ শর্মা বুলি জানিব পৰা গৈছে৷

আৰক্ষী সূত্রই জানিবলৈ দিয়া মতে প্রৱঞ্চকটোৱে ধনদাবী কৰাৰ পাছত ব্যৱসায়ী জালানে ভঙাগড় থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভঙাগড় থানাত ভাৰতীয় দণ্ডবিধিৰ ৪১৯/৪২০/৩৮৭ ধাৰাত ৪৪০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি কালি নিশা সাতগাঁও আৰক্ষীৰ সহযোগত বাঘৰবড়িৰ বাসগৃহৰ পৰা প্রৱঞ্চক নৱদীপক গ্রেপ্তাৰ কৰে৷ প্রৱঞ্চকটোৱে নিজৰ নম্বৰটো জয়ন্ত মল্ল বৰুৱাৰ নামত ছেভ কৰি ফোনযোগে ধনদাবী কৰা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে৷ ট্রু কলাৰৰ জৰিয়তে এই তথ্য পোহৰলৈ অহাৰ লগতে প্রৱঞ্চকটোৱে অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামতো নিবনুৱাৰ পৰা ধন সংগ্রহ কৰিছে৷ প্রৱঞ্চকটোৱে বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নাম ব্যৱহাৰ কৰি ইতিমধ্যে পাঁচজন নিবনুৱা যুৱক পৰা ধন সংগ্রহ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ সম্প্রতি আৰক্ষী অপৰাধ অনুসন্ধান শাখাই প্রৱঞ্চকটোক জেৰা অব্যাহত ৰাখিছে৷

ইপিনে, নিজৰ নাম ব্যৱহাৰ কৰি ব্যৱসায়ীক ধনদাবী কৰাৰ লগতে নিবনুৱাৰ পৰা চাকৰিৰ নামত প্রৱঞ্চকটোৱে কৰা এনে প্রতাৰণাৰ বিৰুদ্ধে বিধায়ক জয়ন্ত মল্ল বৰুৱাই প্রতিক্রিয়া প্রকাশ কৰিছে৷ বিধায়কগৰাকীয়ে কয় কালি নৱদীপ শর্মা নামৰ দুষ্ট প্রবৃত্তিৰ এজন ব্যক্তিয়ে মোৰ নাম ব্যৱহাৰ কৰি ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা ধনদাবী কৰাৰ খবৰ এটা পোৱাৰ পিছতেই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ তৎকালীনভাৱে আৰক্ষীক অৱগত কৰে৷

আৰক্ষীয়ে অতি ক্ষিপ্রতাৰে অভিযান চলাই নিশা প্রৱঞ্চকটোক কৰায়ত্ত কৰে৷ প্রৱঞ্চকটোৱে দীর্ঘদিন ধৰি মোৰ আৰু মুখ্যমন্ত্রীৰ নাম লৈ ধন সংগ্রহ কৰি অহাৰ কথা আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে৷ মোৰ ফোন নম্বৰৰ লগত যথেষ্টখিনি সাদৃশ্য থকা নম্বৰ এটা ট্রু কলাৰ এপত মোৰ নামেৰে ৰেজিষ্টাৰ কৰি লৈ তেওঁ ইমানদিনে এই কুকার্য চলাই গৈছিল৷ গতিকে ৰাইজক এনেকুৱা প্রৱঞ্চনাকাৰীৰ পৰা সাৱধানে থকাৰ লগতে আমাৰ নাম লৈ এনেকুৱা ধৰণৰ দুষ্কার্য কৰাৰ কিবা সম্ভেদ পালে ততালিকে আৰক্ষীক জনাবলৈ অনুৰোধ জনালোঁ৷

You might also like