চৰকাৰী বিদ্যালয়ত নিয়োগ মেলাত শতাধিক শিক্ষার্থীৰ অংশগ্রহণ
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ অসম সমগ্র শিক্ষাৰ অধীনত ৰাষ্ট্রীয় দক্ষতা যোগ্যতা ফ্রেমৱার্ক ৰূপায়ণৰ অংশ হিচাপে ইডুকেটিভ গুৱাহাটীয়ে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰিছে নিযুক্তি মেলা৷ উক্ত নিযুক্তি মেলাত ইউৰেকা ফর্বেছ, কুটচিনা হোম, ৰিলায়েন্সৰ স্মার্ট, কনাভাৰজেন্স, হিৰ’ হোণ্ডাকে আদি কৰি কেইবাটাও প্রতিষ্ঠানে অংশগ্রহণ কৰে৷ চৰকাৰী বিদ্যালয়ত এই নিযুক্তি মেলা সন্দর্ভত গৌৰৱ খেমতাইয়ে কয় যে চৰকাৰী প্রাদেশীকৃত বিদ্যালয়ত দক্ষতা প্রশিক্ষণ গ্রহণ কৰা শিক্ষার্থীসকলক নিযুক্তিৰ বাবে আয়োজন কৰা এই অনুষ্ঠান অসমৰ ভিতৰতেই প্রথম৷ দশম আৰু দ্বাদশ পাঠ্যক্রমৰ অংশ হিচাপে শিক্ষার্থীসকলক এই সুবিধা প্রদান কৰা হয়৷ উক্ত নিযুক্তি মেলাত মহানগৰীৰ ৮খনকৈ চৰকাৰী বিদ্যালয়ৰ ১০০গৰাকীৰো অধিক শিক্ষার্থীয়ে অংশগ্রহণ কৰে৷ বিশেষকৈ কামাখ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়, টি চি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বাণীকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষার্থীসকলে অংশগ্রহণ কৰে৷ উক্ত বিদ্যালয়ৰ দ্বাদশ শ্রেণী উত্তীর্ণ আৰু দক্ষতাৰ প্রশিক্ষণ গ্রহণ কৰা শিক্ষার্থীসকলক নিযুক্তি প্রদান কৰা হয়৷