নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটত দুখন কয়লাভর্তি ট্রাক জব্দ

আৰক্ষীক মেনেজ কৰি বহিঃৰাজ্যলৈ সৰবৰাহ

নিয়মীয়া বাৰ্তা ২০ মেঃ  ক’ভিড মহামাৰীৰ এই জটিল পৰিস্থিতিৰ মাজতো অব্যাহত আছে কয়লাৰ ছিণ্ডিকেট৷ একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি বেলতলাৰ কয়লা ছিণ্ডিকেট চক্রই মেঘালয়ৰ পৰা বহিঃৰাজ্যলৈ কয়লাৰ সৰবৰাহ অব্যাহত ৰাখিছে৷ মেঘালয়ৰ পৰা সৰবৰাহ কৰা দুখন কয়লাভর্তি ট্রাক কালি যোৰাবাট আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ মেঘালয়ৰ পৰা অবৈধভাৱে কয়লা সৰবৰাহ কৰা পি বি ১৩ এ ডব্লিউ ৯৮৫৫ আৰু ইউ পি ৬৫ এইচ টি ২৬৭৫ নম্বৰৰ ট্রাক দুখন যোৰাবাট আৰক্ষীয়ে জব্দ কৰে৷ সম্প্রতি যোৰাবাট আৰক্ষীয়ে কয়লা সৰবৰাহ কৰা ট্রাক দুখনৰ চালকক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷

উল্লেখ্য যে বশিষ্ঠ থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীৰ ছত্রছায়াত বেলতলাত কয়লাৰ ছিণ্ডিকেট চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ৰাজনৈতিক আশিসপুষ্ট বহু বিতর্কিত গগৈ উপাধিৰ এইগৰাকী আৰক্ষী বিষয়াই দীর্ঘদিন ধৰি কয়লা ছিণ্ডিকেট চক্রক ৰক্ষণাবেক্ষণ দি অহাৰ লগতে ছিণ্ডিকেট চক্রটোৰে বুজাপৰা কৰি ২০খনকৈ কয়লাৰ ট্রাক অবৈধভাৱে পাৰ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ বাবে বেলতলাৰ কয়লা ডিপো বন্ধ হৈ পৰাত মেঘালয়ৰ পৰা বিহাৰলৈ সৰবৰাহ কৰা কয়লাভর্তি ট্রাক জব্দ কৰি নিজকে ধোৱা তুলসীৰ পাত সজাব বিচাৰিছে৷

You might also like