নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাহিলিপাৰাত মাছ–মুর্গী কঢ়িওৱা বাহন জব্দ

লকডাউন উলংঘাৰে মহানগৰীত একাংশৰ অবৈধ বেহা

নিয়মীয়া বাৰ্তা ২ মেঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা লকডাউনৰ মাজতেই একাংশ মুনাফাখোৰ ব্যৱসায়ীয়ে মহানগৰীত অবৈধ মাছ–মাংসৰ বেহা চলাই আহিছে৷ জিলা প্রশাসন তথা গুৱাহাটী পৌৰ নিগমৰ বিনানুমতিত বহু ব্যৱসায়ীয়ে মহানগৰীত চোৰাংভাৱে মাছ–মাংস বিক্রী কৰি মহানগৰীবাসীৰ জনস্বাস্থ্যলৈ ভাবুকি আনিছে৷ বিশেষকৈ মহানগৰীৰ দিছপুৰ, কাহিলিপাৰা, হাতীগাঁও, পাঞ্জাবাৰী, ছয়মাইল, খানাপাৰা, বৰবাৰী আৰু নুনমাটি অঞ্চলত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অবৈধ ব্যৱসায়ীয়ে চোৰাংভাৱে মাছ–মুর্গী কঢ়িয়াই আনি মহানগৰীত বিক্রী কৰা পৰিলক্ষিত হৈছে৷ আজি ভগদত্তপুৰ আৰক্ষীৰ সহযোগত কাহিলিপাৰাৰ পৰা গুৱাহাটী পৌৰ নিগমে কেইবাখনো মাছ আৰু মুর্গী কঢ়িয়াই অনা বাহন জব্দ কৰে৷ আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্রশাসনৰ বিনানুমতিত মাছ–মুর্গী কঢ়িয়াই অনা বাহনকেইখনৰ পৰা ১১,৫০০ টকা জৰিমনা সংগ্রহ কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, একাংশ অসাধু ব্যৱসায়ীয়ে জিলা প্রশাসনৰ প্রমাণ–পত্র জালিয়াতিৰে আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা মাছ–মুর্গী কঢ়িয়াই আনি গুৱাহাটীত বিক্রী কৰি আছে৷ উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত মহানগৰবাসীক মাছ–মাংস যোগানৰ বাবে জিলা প্রশাসনে অঞ্চলবিশেষে কেইবাগৰাকী ব্যৱসায়ীক মাছ–মাংস বিক্রীৰ প্রমাণ–পত্র প্রদান কৰি ঘৰে ঘৰে যোগান ধৰাৰ বাবে অনুমতি দিয়ে৷ প্রশাসনৰ অনুমতিপ্রাপ্ত ব্যৱসায়ীসকলে বিভাগীয় নির্দেশনা উলংঘাৰে ঘৰে ঘৰে মাছ বিক্রী কৰাৰ পৰিৱর্তে পথৰ দাঁতিত মুকলিকৈ মাছ–মুর্গী বিক্রী কৰা পৰিলক্ষিত হৈছে৷ সেইক্ষেত্রত আৰক্ষী–প্রশাসন তথা পৌৰ নিগমে অভিযান চলাই ইতিমধ্যে বহু ব্যৱসায়ীৰ অনুমতি বাতিল কৰাৰ লগতে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ একেদৰে প্রশাসনৰ অনুমতিপ্রাপ্ত বহু গেলামলৰ ব্যৱসায়ীসকলে মহানগৰীত সামগ্রীৰ দাম দুগুণ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ বজাৰত সামগ্রীৰ কৃত্রিম নাটনি দেখুৱাই অসাধু ব্যৱসায়ীয়ে সামগ্রীৰ দাম দুগুণ বৃদ্ধি কৰাত গ্রাহকসকল বিপাঙত পৰিছে৷ আজি পৌৰ নিগমে মহানগৰীৰ লাচিত নগৰৰ বলদেৱ ষ্টোৰ আৰু ৰয়েল ভাণ্ডাৰত অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি কৰাৰ বাবে দুয়োখন দোকান ছীল কৰে৷ লগতে ব্যৱসায়ী দুজনক ক্রমে ২০০০ আৰু ৫০০০ হাজাৰ টকাৰ জৰিমনা বিহা বুলি পৌৰ নিগমৰ এক সূত্রই জানিবলৈ দিছে৷

You might also like