শ শ লোকৰ সমাগমঃ ক’ভিড বিধি উলংঘাৰে কামাখ্যাত দেওধনী উৎসৱ
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ক’ভিড–১৯ৰ ভয়াৱহতাৰ মাজতে নীলাচল পাহাৰস্থিত কামাখ্যা ধামত পৰম্পৰাগতভাৱে তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে দেওধনী উৎসৱ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে জাৰি কৰা নির্দেশনা অনুসৰি ধর্মীয় অনুষ্ঠানত এক ঘণ্টাত ২০জনকৈ লোকৰ প্রৱেশৰ অনুমতি দিছিল৷ কিন্তু দেওধনী উৎসৱত কালিৰে পৰা ক’ভিড বিধি উলংঘাৰে সমৱেত হৈছে শ শ লোক৷ কামাখ্যা মন্দিৰত ক’ভিড বিধি উলংঘাৰে মন্দিৰ চৌহদত শ শ লোকে দেওধনী নৃত্য উপভোগ কৰিবলৈ ভিৰ কৰাক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
ৰাজ্যত ক’ভিডত আক্রান্ত লোকৰ সংখ্যা সামান্য হ্রাস পালেও কামৰূপ (ম) জিলাত প্রতিদিনে ১৫০জনৰো অধিক লোক আক্রান্ত হৈ আহিছে৷ মহানগৰ জিলাখনত ক’ভিড আক্রান্ত লোকৰ সংখ্যালৈ চাই চৰকাৰে এতিয়াও আন্তঃজিলা যাতায়াতৰ ক্ষেত্রত থকা নিষেধাজ্ঞা উঠাই লোৱা নাই৷
সান্ধ্য আইনৰ মাজতে কামাখ্যা ধামত অনুষ্ঠিত দেওধনী উৎসৱত শ শ লোকে ভিৰ কৰাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী আয়ুক্ত হৰমিট সিং বৃহস্পতিবাৰে কামাখ্যা মন্দিৰত উপস্থিত হয়৷ ইয়াৰ পিছতে দেওধনী নৃত্য উপভোগ কৰি থকা শ শ লোক আঁতৰি যায়৷
জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়া মতে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা এতিয়াও হ্রাস হোৱা নাই৷ চৰকাৰেও ধর্মীয় স্থানত ঘণ্টাত ২০জনকৈ লোকৰহে প্রৱেশৰ অনুমতি দিছিল৷ কিন্তু দেওধনী উৎসৱত ক’ভিড বিধি উলংঘাৰে শ শ লোকৰ ভিৰ হোৱা বিষয়টো উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তই গুৰুত্বসহকাৰে গ্রহণ কৰি কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰে আলোচনাত মিলিত হয়৷
আজিৰে পৰা কামাখ্যা মন্দিৰত আৰক্ষী আৰু জিলা প্রশাসনৰ বিষয়াৰ উপস্থিতিত ক’ভিড বিধি অনুসৰিহে ভক্ত–দর্শনার্থীয়ে মন্দিৰত প্রৱেশ কৰিব পাৰিব৷
ইফালে কামাখ্যাৰ মন্দিৰৰ দলৈ মোহিত শর্মাই জানিবলৈ দিয়া মতে, কামাখ্যা মন্দিৰত পৰম্পৰাগতভাৱে অনুষ্ঠিত দেওধনী উৎসৱত উপস্থিত থকা লোকসকল কামাখ্যাৰ বাসিন্দা৷ দেওধনী নৃত্য উপভোগ কৰা সকলো লোকেই ক’ভিডৰ প্রথম আৰু দ্বিতীয় পালি প্রতিষেধক লৈছে৷
অৱশ্যে মন্দিৰত ক’ভিড বিধি অনুসৰিয়ে প্রতিঘণ্টাত ২০জন ভক্ত–দর্শনার্থীয়ে প্রৱেশ কৰি আছে৷ দেওধনী নৃত্য উপভোগ কৰিবলৈ বাহিৰৰ পৰা কোনো ভক্ত–দর্শনার্থী অহা নাই বুলি দলৈ মোহিত শর্মাই স্পষ্ট কৰি দিছে৷ ক’ভিডসৃষ্ট এই জটিল পৰিস্থিতিৰ মাজতো দেওধনী নৃত্য উপভোগ কৰিবলৈ ক’ভিড বিধি উলংঘাৰে শ শ লোকে ভিৰ কৰাক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷