নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে অসম বুৰঞ্জীৰ উদ্ধৃতিৰে কামাখ্যাৰ দৈব্যজ্ঞ ব্রাহ্মণ সমাজক দিয়া মন্তব্যক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ ব্রাহ্মণ সমাজৰ প্রতি কমল কুমাৰ মেধিয়ে বিৰূপ মন্তব্য কৰি ভাতৃঘাতী সংঘর্ষৰ পৰিৱেশ সৃষ্টি কৰিব বিচৰাৰ চেষ্টা কৰিছে বুলি আজি লতাশিল থানাত উগ্রতাৰা দেৱালয়ৰ বৰদেউৰী কৈলাস শর্মাই এজাহাৰ দাখিল কৰে৷ লগতে কমল কুমাৰ মেধিক আইনগত শাস্তি প্রদানৰ আহ্বান জনায়৷ ইফালে কমল কুমাৰ মেধিয়ে ব্রহ্মণ সমাজক লৈ কৰা বিৰূপ মন্তব্যক তীব্র ভাষাৰে গৰিহণা দিছে ব্রহ্মাণ মহাসভাই৷ এক প্রেছ বিজ্ঞপ্তিত ব্রাহ্মণ মহাসভাৰ সাধাৰণ সম্পাদক প্রদীপ কুমাৰ শর্মাই ভৱিষ্যতে এনেধৰণৰ প্রৰোচনামূলক আৰু উদ্দেশ্যপ্রণোদিত বত্তৃণব্য নিদিবলৈ কমল কুমাৰ মেধিক সকীয়াই দিয়ে৷