জিম কৰি দুয়োটা কিডনী বিকল এজন যুৱকৰ…
নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ জিম বৰ্তমান জীৱনৰ এক অবিচ্চেদ্য অংগ। ব্যস্তাৰ মাজতেই বহু জনে শৰীৰ ভালেই ৰাখিবলৈ জিম কৰে। কিন্তু অত্যাধিক জিম কৰিলে শৰীৰত অনিষ্ট সাধন কৰিব পাৰে। শেহতীয়াকৈ তেনে এক ঘটনা পোহৰলৈ আহিছে।
জিমৰ বাবেই ৰাজধানী গুৱাহাটী মহানগৰীৰ এজন যুৱকৰ জীৱনলৈ কাল অমানিশা নামি আহিছে। মহানগৰীৰ ধীৰেণ পাৰাৰ এজেন যুৱকে জিমত গৈ নিজৰ দুয়োটা কিডনী বিকল হোৱাৰ ঘটনা পোহৰলৈ আহিছে। যুৱকজনে জিম কৰিবলৈ গৈ চাপ্লিমেণ্ট গ্ৰহণ কৰি সম্প্ৰতি দুয়োটা কিডনীনেই বিকল। বৰ্তমান তেওঁ গুৱাহাটী মহানগৰীৰ এক্সেল কেয়াৰত চিকিৎসাধীন হৈ আছে।
এই সন্দৰ্ভত যুৱক জনে কয় যে তেওঁ জিম কৰি থাকোতে চাপ্লিমেণ্ট গ্ৰহণ কৰিছিল, আৰু জানুৱাৰী মাহৰ পৰা অসুস্থ হৈ পৰিছিল তাৰ পিছত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি নিজৰ স্বাস্থ্য পৰীক্ষা কৰোতে গম পালে যে যুৱক জনৰ দুয়োটা কিডনী বিকল হৈছে। যুৱক জনক চিকিৎসাৰ বাবে ৯ লাখ টকাৰ প্ৰয়োজন হৈছে। তীব্ৰ আৰ্থিক সংৰকটত ভুগিছে পৰিয়ালটোৱে। তীব্ৰ আৰ্থিক সংকটত ভোগা যুৱকজনৰ লগতে ভুক্তভোগী পৰিয়ালটোৱে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ পৰা সহায় বিচাৰিছে।