লাষ্টগেটৰ নিউ পদ্মা মেডিকোজত চোৰৰ লুটপাত
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ মহানগৰীত বৃদ্ধি পাইছে চোৰৰ উপদ্রৱ৷এটাৰ পিছত আনটো অঞ্চলত ধাৰাবাহিকভাৱে চুৰি কাণ্ড সংঘটিত হোৱাৰ পিছতো আৰক্ষী–প্রশাসনে চোৰৰ উপদ্রৱ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷ মহানগৰীৰ অন্য অঞ্চলৰ কথা বাদেই, আৰক্ষী–নিৰাপত্তাৰক্ষ্ গিজগিজাই থকা দিছপুৰতে সুৰক্ষিত নহয় নাগৰিক৷ শনিবাৰে নিশা দিছপুৰ লাষ্টগেটৰ এখন ফার্মাচীৰ টিনপাত কাটি দুর্বৃত্তই নগদ ধনৰ লগতে প্রায় ৭০ হাজাৰ টকাৰ ঔষধ লুট কৰে৷ ঘটনাৰ সমগ্র দৃশ্য চি চি টিভি কেমেৰাত বন্দী হোৱাৰ পিছতো আৰক্ষীয়ে দুর্বৃত্তৰ সন্ধান উলিয়াব পৰা নাই৷ ঘটনা সন্দর্ভত ফার্মাচীৰ গৰাকীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে পূর্বেও লাষ্টগেটৰ এই ‘নিউ পদ্মা মেডিকোজ’ নামৰ ফার্মাচীখনত দুবাৰকৈ চুৰি কাণ্ড সংঘটিত হয়৷ কিন্তু আজি পর্যন্ত চোৰৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে৷