নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইন উলংঘাকাৰীক একৰ পৰা ২৫ হাজাৰপর্যন্ত জৰিমনা

পথ দুর্ঘটনা ৰোধৰ বাবে কঠোৰ পদক্ষেপ পৰিবহণ বিভাগৰ

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা পথ দুর্ঘটনা ৰোধৰ প্রতি লক্ষ্য ৰাখি জিলা পৰিবহণ কার্যালয়ে যোৱা কিছুদিন ধৰি ৰাজপথত ব্যাপক তালাচী অভিযান চলাই আছে৷ বিশেষকৈ যান–বাহন আইন উলংঘাৰে ৰাজপথত চলাচল কৰা বাহন চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগে কঠোৰ স্থিতি গ্রহণ কৰি দিনে–নিশাই তালাচী অভিযান অব্যাহত ৰাখি বৃহৎ পৰিমাণৰ ৰাজহ সংগ্রহ কৰিছে৷ একে সময়ত বহু চালকৰ অনুজ্ঞাপত্র তিনি মাহৰ বাবে নিলম্বন কৰাৰ উপৰি আন বহুতৰ বিৰুদ্ধে যান–বাহন (সংশোধন) আইন ২০১৯ৰ অধীনত গোচৰ ৰুজু কৰিছে৷ অহা ৩১ ডিচেম্বৰলৈ ৰাজপথত চলা এই অভিযান আৰু তীব্রতৰ কৰি তোলা হ’ব বুলি পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়ে৷

পৰিবহণৰ সহকাৰী আয়ুক্ত গৌতম দাসে সদৰী কৰা মতে ৰাজপথত গাড়ী চালনাৰ অনুজ্ঞাপত্র অবিহনে বাহন চলোৱা, বৈধ নথিপত্র নথকা বাহন চলোৱা, নির্ধাৰিত গতিবেগ অতিক্রম কৰা আৰু মোডিফাই কৰা ভেহিকল চালকক ৫০০০ টকা জৰিমনা বিহা হ’ব৷ একেদৰে তীব্রবেগত বাহন চলোৱা, অতিৰিক্ত যাত্রী কঢ়িওৱা, ছীট বেল্ট পৰিধান নকৰা, হেলমেট পৰিধান নকৰা চালকসকলক এহেজাৰ টকা জৰিমনা বিহাৰ লগতে তিনি মাহৰ বাবে গাড়ী চালনাৰ অনুজ্ঞাপত্র নিলম্বন কৰা হ’ব৷ আনহাতে, পার্মিটবিহীন বাহন, সুৰাপায়ী চালক আৰু এম্বুলেঞ্চসহ অন্যান্য অত্যাৱশ্যকীয় বাহনৰ ছাইট নিদিয়া চালকসকলক দহ হাজাৰ টকা জৰিমনা বিহাৰ উপৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব৷ পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি যান–বাহন বীম নথকা বাহনৰ চালক আৰু দুচকীয়া বাহনত নীতি–বহির্ভূতভাৱে যাত্রী কঢ়িওৱা চালকক দুহেজাৰ টকা পর্যন্ত জৰিমনা বিহা হ’ব৷ লক্ষণীয়ভাৱে নাবালক যুৱক–যুৱতীয়ে যান–বাহন চলালে তেওঁলোকৰ অভিভাৱকক ২৫ হাজাৰ টকা জৰিমনা বিহাৰ উপৰি তিনি বছৰ পর্যন্ত কাৰাবাস খাটিবলগীয়া হ’ব পাৰে বুলিও পৰিবহণ বিষয়াগৰাকীয়ে জানিবলৈ দিছে৷

You might also like