বাঘৰবড়িত নাহৰফুটুকীৰ আতংক, ট্রেংকুলাইজ কৰি চিৰিয়াখানালৈ প্রেৰণ
নিয়মীয়া বার্তা, ২৮ জুনঃ গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা পাহাৰসমূহত চলি থকা অবাধ বনধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহিছে বন্যপ্রাণী৷ গড়চুক–কটাহবাৰীৰ্ পিছত কালি পাঞ্জাবাৰীৰ বাঘৰবড়িত এটা নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰে৷ বাঘৰবড়িৰ আছিফ হুছেইন নামৰ লোকজনৰ বাসগৃহত প্রৱেশ কৰে নাহৰফুটুকীটোৱে৷ ইয়াৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷
বাসগৃহৰ গৰাকী আছিফ হুছেইন আৰু স্থানীয় ৰাইজে নাহৰফুটুকীটোৰ বিচৰণৰ কথা বন বিভাগ আৰু আৰক্ষীক অৱগত কৰে৷ ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ নাহৰফুটুকীটোক ট্রেংকুলাইজ কৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ আনে৷
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে নাহৰফুটুকীটো আছিফ হুছেইনৰ ঘৰৰ বাথৰুমৰ ভিতৰত আবদ্ধ হৈ পৰাত সৌভাগ্যক্রমে কোনো লোক আক্রমণৰ সন্মুখীন হ’বলগীয়া নহ’ল৷