নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত চলিছে ই–ৰিক্সাৰ ছিণ্ডিকেটঃ হেঙেৰাবাৰীত মেজিকচালকৰ উত্তাল প্রতিবাদ

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ নিষ্ক্রিয়তাৰ সুযোগ গ্রহণ কৰি গুৱাহাটী মহানগৰীত চলিছে শ শ ই–ৰিক্সা৷ জিলা পৰিবহণৰ বিনা অনুমতিত মহানগৰীত বিভিন্ন পথত অবৈধভাৱে চলি থকা ই–ৰিক্সাই সঘনাই ব্যাপক যান–জঁট সৃষ্টি কৰাৰ লগতে অটোচালক আৰু মেট্র’ শ্বেয়াৰ টেক্সিচালকৰ জীৱিকালৈ ভাবুকি কঢ়িয়াই অনাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ বিশেষকৈ মহানগৰীৰ বৰবাৰীৰ পৰা হেঙেৰাবাৰী হৈ গণেশগুৰিলৈ চলাচল কৰা শতাধিক ই–ৰিক্সাই পথছোৱাত ব্যাপক যান–জঁটৰ সৃষ্টি কৰা বুলি হেঙেৰাবাৰী মেট্র’ শ্বেয়াৰ টেক্সি মালিক সন্থাই জানিবলৈ দিছে৷ ই–ৰিক্সাচালকৰ অতপালিৰ বিৰুদ্ধে আজি সন্থাৰ বিষয়ববীয়াসকলে হেঙেৰাবাৰীত এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি শতাধিক শ্বেয়াৰ টেক্সি চালক–মালিকে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ আনকি একাংশ ই–ৰিক্সাচালকে মেট্র’ টেক্সিচালকৰ লগত কাজিয়াত লিপ্ত হৈ প্রাণে মৰাৰ ভাবুকি দিয়া বুলিও সন্থাৰ সম্পাদক ৰূপম কলিতাই জানিবলৈ দিছে৷ এই সন্দর্ভত ইতিমধ্যে সন্থাৰ তৰফৰ পৰা দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও আৰক্ষীয়ে এইক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

ইপিনে, হেঙেৰাবাৰীত একাংশ উদণ্ড যুৱকে ই–ৰিক্সাৰ ছিণ্ডিকেট চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ একাংশ যুৱকে প্রতিজন ই–ৰিক্সা চালকৰ পৰা মোটা অংকৰ ধন লৈ পথছোৱাত ই–ৰিক্সা চলাচল কৰাৰ অবৈধ অনুমতি প্রদান কৰা বুলি সন্থাৰ সম্পাদক ৰূপম কলিতাই জানিবলৈ দিছে৷ এইক্ষেত্রত ইতিমধ্যে সন্থাৰ তৰফৰ পৰা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াক অৱগত কৰোৱা হৈছে যদিও বিভাগীয় কর্তৃপক্ষই ই–ৰিক্সাৰ অবৈধ ছিণ্ডিকেট সন্দর্ভত আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিব পৰা নাই৷ সেয়েহে উক্ত পথছোৱাত অবৈধভাৱে চলাচল কৰা ই–ৰিক্সাৰ ক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ নকৰা পর্যন্ত পাথৰকুৱেৰীৰ পৰা গণেশগুৰিলৈ চলাচল কৰা মেট্র’ শ্বেয়াৰ টেক্সি অনির্দিষ্টকাললৈ বন্ধ ৰাখিব বুলি সন্থাৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে৷

উল্লেখ্য যে মহানগৰীৰ লালমাটি, ৰাজধানী মছজিদ, ছয়মাইল, পাঞ্জাবাৰী, হেঙেৰাবাৰী, নুনমাটি, নাৰেংগী, বাঘৰবড়ী, সাতগাঁও আদি অঞ্চলতো অবৈধভাৱে বহু ই–ৰিক্সা চলাচল কৰি আছে৷ একাংশ স্থানীয় যুৱকে ই–ৰিক্সাচালকৰ পৰা মোটা অংকৰ ধন সংগ্রহ কৰি ৰাজপথত ই–ৰিক্সা চলাচলৰ অবৈধ অনুমতি প্রদান কৰিছে যদিও কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

You might also like