নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰীৰ চর্চাই মানুহৰ মানসিক অশান্তি দূৰ কৰেঃ মহাদেৱ ডেকা

পাঁচ মাহৰ অন্তত মহানগৰীত পুনৰ খুলিলে ব্যায়ামাগাৰ

নিয়মীয়া বার্তা, ৪ আগষ্টঃ ৰাজ্যত আৰম্ভ হ’ল আনলক–৩৷ গুৱাহাটীত আনলক–৩ আৰম্ভ হোৱাৰ লগে লগে সুদীর্ঘ ৫ মাহৰ অন্তত খুলিল শৰীৰ চর্চা কেন্দ্র, একাংশ শ্বপিং মল, একাংশ কাপোৰৰ শ্ব’ৰুমৰ লগতে প্রসাধন সামগ্রীৰ শ্ব’ৰুম৷ আনহাতে, মহানগৰীত শৰীৰ চর্চা কেন্দ্রসমূহ মুকলি কৰাৰ পূর্বে যন্ত্রসমূহ মেৰামতি কৰাৰ লগতে ছেনিটাইজ কৰা হয়৷

স্বাভাৱিকতে সুদীর্ঘ ৫ মাহৰ অন্তত জীম কৰিবলৈ পাই যথেষ্ট সুখী খ্যাতিসম্পন্ন শৰীৰ চর্চাবিদ মহাদেৱ ডেকা৷ ইতিমধ্যে আন আন শৰীৰ চর্চা কেন্দ্রসমূহৰ লেখীয়াকৈ শিলপুখুৰীস্থিত মহাদেৱ ডেকাৰ শৰীৰ চর্চা কেন্দ্রটো চাফ–চিকুণ কৰি ছেনিটাইজ কৰি মুকলি কৰে শৰীৰ চর্চাবিদগৰাকীয়ে৷ ৰাজ্য চৰকাৰৰ সকলো নীতি–নিয়ম পালন কৰি এই জীম চলাই নিয়া হ’ব বুলি মন্তব্য কৰে মহাদেৱ ডেকাই৷

বিশেষকৈ প্রতিগৰাকী শৰীৰ চর্চাবিদৰ মাজত সামাজিক দূৰত্ব বর্তাই ৰখা, শৰীৰ চর্চা কেন্দ্রলৈ অহা সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ উপৰি কেন্দ্রত প্রৱেশ কৰাৰ পূর্বে সকলোৰে ইনফাৰেট থার্ম’মিটাৰেৰে পৰীক্ষা কৰা হ’ব বুলি মন্তব্য কৰে শৰীৰ চর্চাবিদগৰাকীয়ে৷ ইফালে জীম খোলাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে গ্রহণ কৰা সিদ্ধান্তক আদৰণি জনাই মহাদেৱ ডেকাই কয় যে শৰীৰ চর্চাই মানুহৰ মানসিক অশান্তি দূৰ কৰাৰ লগতে বহু ভাইৰাছ নাশ কৰে৷

সমান্তৰালভাৱে চৰকাৰৰ সকলো নীতি–নিয়ম পালন কৰি কালিলে পৰা গুৱাহাটীত খুলিলে একাংশ শ্বপিং মলকে ধৰি কাপোৰ, জোতা–চেণ্ডলৰ শ্ব’ৰুম৷ ইফালে নতুনকৈ ব্যৱসায়ত মনোনিৱেশ কৰিবলৈ পাই চৰকাৰক কৃতজ্ঞতাৰে ওপচাইছে একাংশ ব্যৱসায়ীয়ে৷

You might also like