নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসামাজিক কার্যকলাপৰ ঘাটি দুই নং ৰে’ল গেট

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ আৰক্ষী প্রশাসনৰ সোপাঢ়িলা নীতিৰ বাবেই পুনৰ গুৱাহাটী মহানগৰীত সক্রিয় হৈ উঠিছে অপৰাধী চক্র৷ আৰক্ষীৰ নির্লিপ্ততাৰ সুযোগ গ্রহণ কৰি অপৰাধী চক্রই মহানগৰীৰ বিভিন্ন প্রান্তত চুৰি–ডকাইতিকে ধৰি অন্যান্য অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে যদিও এইক্ষেত্রত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বিশেষকৈ উত্তৰ–পূবৰ বাণিজ্য কেন্দ্র হিচাপে পৰিগণিত ফাঁচীবজাৰ আৰু লাখটকীয়া অঞ্চলত দিন–দুপৰতে দুর্বৃত্তই পথচাৰীৰ ম’বাইল ফোন, টকাৰ বেগ আৰু মহিলাৰ ডিঙিৰ সোণৰ চেইন থপিয়াই নিয়া ঘটনা ক্রমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বহিঃৰাজ্যৰ পৰা অহা অপৰাধী চক্রই লাখটকীয়াৰ ২নং ৰে’ল গেটত গঢ়ি উঠা জুপুৰিৰ আশ্রয় লৈ মহানগৰীত নিতৌ এটাৰ পাছত আনটো অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে৷

সততে এনে অভিযোগ উত্থাপিত হোৱাৰ পাছতো আৰক্ষী প্রশাসনে এনে অপৰাধ নিয়ন্ত্রণ কৰাত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ সময়ে সময়ে ৰে’লআলিৰ দুয়োকাষে গঢ়ি উঠা জুপুৰিসমূহত উচ্ছেদ অভিযান চলাই দায়িত্ব সামৰিছে আৰক্ষী–প্রশাসনে৷ ইপিনে, এইক্ষেত্রত ৰে’ল আৰক্ষীয়ে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰা দেখা গৈছে৷ লাখটকীয়াৰ স্থানীয় বাসিন্দা নেকিব ইমান শইকীয়াই জানিবলৈ দিয়া মতে যোৱা প্রায় তিনি মাহ ধৰি লাখটকীয়াৰ এছ এছ ৰোডৰ ষ্ট্রীট লাইটসমূহ বিকল হৈ আছে৷ সন্ধিয়া হ’লে অন্ধকাৰত ডুব যোৱা অঞ্চলটোত শেহতীয়াকৈ চোৰ–ডকাইত আৰু সুৰাসক্ত লোকৰ উপদ্রৱ বৃদ্ধি পাইছে৷

ফলত পথচাৰীৰ লগতে স্থানীয় বাসিন্দা উদ্বেগ্ণ হৈ পৰিছে৷ ইপিনে, দিন–দুপৰতে লাখটকীয়াৰ ২নং ৰে’ল গেটত একাংশ উদণ্ড যুৱকে মুকলিভাৱে সুৰা আৰু জুৱাৰ আড্ডা পাতি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে৷ ৰে’লআলিৰ দুয়োকাষে গঢ়ি উঠা জুপুৰিসমূহত অবৈধভাৱে সুৰা বিক্রীৰ লগতে ড্রাগছ সৰবৰাহ কৰি অহা বুলি তেওঁ জানিবলৈ দিছে৷ ইতিমধ্যে স্থানীয় বাসিন্দাসকলে ৰে’ল আৰক্ষী আৰু পৌৰ নিগমক এই সন্দর্ভত অৱগত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাই আহিছে যদিও বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ সেয়েহে আৰক্ষী–প্রশাসনক স্থানীয় লোকে এই ক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে

You might also like