মালিগাঁৱৰ আদিংগিৰিত নৰখাদক বাঘৰ মুক্ত বিচৰণ
নিয়মীয়া বার্তা, ২৫ আগষ্ট গুৱাহাটীৰ মালিগাঁও আৰক্ষী চকীৰ অন্তর্গত আদিংগিৰি পাহাৰত ২১ আগষ্টৰ সন্ধিয়া এটা নাহৰফুটুকীৰ আক্রমণত শিৱম কুমাৰ নামৰ এটি ছয় বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ পিছত আজিও অঞ্চলটোত অব্যাহত আছে শোকাকুল পৰিৱেশ৷
ইফালে, অঞ্চলটোত ছয়–সাতোটামান নাহৰফুটুকীয়ে বিচৰণ কৰি থকা বুলি প্রত্যক্ষদর্শীয়ে ব্যক্ত কৰাৰ মাজতে ২৩ আগষ্টৰ নিশা মৃত শিৱম কুমাৰৰ ঘৰৰ সমীপৰ এঘৰ লোকৰ ঘৰত থকা চি চি টিভিত বন্দী হয় বাঘৰ মুক্ত বিচৰণ৷ শিৱমৰ ঘৰৰ পৰা মাত্র ১০ মিটাৰ নিলগত থকা এঘৰ লোকৰ চি চি টিভিত বন্দী হোৱা দৃশ্যাংশ অনুসৰি, নিশা প্রায় ৯.৩৫ বজাত নাহৰফুটুকীয়ে ১০ মিনিটমান ধৰি ৰাজপথত বিচৰণ কৰি থাকে৷
যি স্থানত খেলি থকা অৱস্থাত সন্ধিয়া বাঘে শিৱমক হঠাতে আক্রমণ কৰি প্রায় ৪০ মিটাৰমান চোঁচৰাই লৈ গৈছিল, সেই স্থানতে বাঘে বিচৰণ কৰাক লৈ স্থানীয় বাসিন্দাসকল শংকিত হৈ পৰিছে৷
ইফালে, বাঘে বিচৰণ কৰি থকা স্থান আৰু শিৱমক আক্রমণ কৰা স্থানৰ পৰা মাত্র ১০০ মিটাৰ নিলগত হাবিত ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষৰ সহযোগত গুৱাহাটীৰ আঞ্চলিক বন বিষয়াৰ কার্যালয়ে ছাগলীক টোপ হিচাপে ব্যৱহাৰ কৰি ২২ আগষ্টৰ পুৱাৰ ভাগতে বাঘ ধৰাৰ বাবে পিঞ্জৰা পাতিছিল৷
কিন্তু আজিলৈকে নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ নহ’ল৷ নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংকিত অঞ্চলটোৰ ৰাইজে ফুটগধূলিতে ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হৈছে৷