নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঠঘৰীয়াত চোৰাং তেল চক্রৰ বৃহৎ ঘাটি

নিয়মীয়া বাৰ্তা ৪ জুলাইঃ লকডাউনৰ মাজতেই গুৱাহাটী মহানগৰীৰ নুনমাটিৰ মঠঘৰীয়াত শুকুৰবাৰে মহানগৰ আৰক্ষীৰ অপৰাধ শাখা আৰু আবকাৰী বিভাগে অতর্কিতে অভিযান চলাই হাজাৰ হাজাৰ লিটাৰ চোৰাং পেট্ৰ’ল–ডিজেল আৰু বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে৷ অৱশ্যে আৰক্ষী অহাৰ উমান পাই কুখ্যাত তেল চোৰ অজিত মজুমদাৰে পলায়ন কৰে৷ পলাতক কুখ্যাত তেল চোৰ অজিত মজুমদাৰক বিচাৰি আৰক্ষীয়ে তীব্র অভিযান চলাই আছে৷ ঘটনাৰ বিষয়ে আৰক্ষী সূত্রে জানিব পৰা মতে, ৰাজ্যৰ বিভিন্ন প্রান্তৰ তেল ডিপোৰ পৰা গুৱাহাটী শোধনাগাৰ লৈ অহা অইল টেংকাৰসমূহ মহানগৰীৰ মঠঘৰীয়াৰ উৰণীয়া সেতুৰ তলত পার্কিং কৰে৷ এই পার্কিং ঠাইৰ পৰাই মঠঘৰীয়াৰ বাসিন্দা অজিত মজুমদাৰৰ নেতৃত্বত এটা দুষ্ট চক্রৰ দলে নুনমাটি আৰক্ষীক মেনেজ কৰি দীর্ঘদিন ধৰি অইল টেংকাৰৰ পৰা পেট্ৰ’ল–ডিজেল চুৰি কৰি ৰমৰমীয়া ব্যৱসায় চলাই আছে৷ ক’ৰোনা ভাইৰাছ প্রতিৰোধ কৰাৰ উদ্দেশ্যে গুৱাহাটীত লকডাউন ঘোষণা কৰাৰ মাজতে মঠঘৰীয়াৰ চোৰাং তেলৰ ঘাটিৰ পৰা পেট্ৰ’ল–ডিজেল আৰু সুৰা বিক্রী কৰি থকা বুলি মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই তথ্য লাভ কৰে৷ এই তথ্যৰ ভিত্তিত আজি দুপৰীয়া মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই আবকাৰী বিভাগৰ সহযোগত মঠঘৰীয়াৰ চোৰাং তেলৰ ঘাটিত অভিযান চলাই চোৰাংকৈ মজুত ৰখা পেট্ৰল–ডিজেল আৰু বিলাতী সুৰা জব্দ কৰে৷ আৰক্ষী অহাৰ উমান পাই এই বৃহৎ চোৰাং ঘাটি চলাই থকা মূল অভিযুক্ত কুখ্যাত তেল চোৰ অজিত মজুমদাৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ অভিযানকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা প্রায় ১,৫০০ লিটাৰ পেড্র’ল, ১,২০০ লিটাৰ ডিজেল আৰু কেইবালক্ষ মূল্যৰ বিলাতী সুৰা জব্দ কৰে৷ অভিযানৰ অন্তত চোৰাংকৈ মজুত ৰখা বৃহৎ পৰিমাণৰ তেলৰ ড্রাম আৰু বিলাতী সুৰাৰ কার্টনসমূহ অভিযানকাৰী দলটোৱে জব্দ কৰি লৈ যায়৷ পলাতক কুখ্যাত তেল চোৰ অজিত মজুমদাৰক বিচাৰি অপৰাধ শাখাই অভিযান চলাই আছে যদিও বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে তেল চোৰটোক গ্রেপ্তাৰ কৰিব পৰা নাই৷ এই তেল চুৰি চক্রটোৰ সৈতে নুনমাটি আৰক্ষীৰ লগতে গুৱাহাটী শোধনাগাৰৰ বিষয়া জডিত থকা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে

You might also like