নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ মহানগৰ আৰক্ষী অপৰাধ শাখাই শুকুৰবাৰে পৃথকে পৃথকে মঠঘৰীয়া আৰু উলুবাৰীত অভিযান চলাই চাৰিটাকৈ ড্রাগ্ছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এক গোপন সূত্রৰ পম খেদি অপৰাধ শাখাই নুনমাটি আৰক্ষীৰ সহযোগত মঠঘৰীয়াৰ ৰে’ল লাইনৰ সমীপৰ এটা বাসগৃহত অভিযান চলাই কেইবাটাও ড্রাগ্ছভর্তি পেকেট, ছীৰিঞ্জ, কণ্টেইনাৰ, চাৰিটা ম’বাইল আৰু এ এছ–০১ এ এফ–৬১০২ নম্বৰৰ এখন বাহন জব্দ কৰে৷ অভিযানকাৰী দলটোৱে ড্রাগ্ছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত তিলক দাস, হৰেন কলিতা, জয়ন্ত সূত্রধৰ নামৰ যুৱককেইজনক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ ব্যৱসায়ীকেইজনৰ পৰা অভিযানকাৰী দলটোৱে ৬.৭ গ্রাম ড্রাগ্ছ জব্দ কৰে৷ জব্দকৃত ড্রাগ্ছখিনি হেৰ’ইন বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷ ইফালে, অপৰাধ শাখাৰ দলটোৱে উলুবাৰীৰ বি কে কাকতি পথত অভিযান চলাই পিংকু বিশ্বাস নামৰ এজন ড্রাগ্ছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰে৷ ধৃত ব্যৱসায়ীজনৰ পৰা এ এছ–০১ ই এফ–৪৮৮৭ নম্বৰৰ এখন বাইক আৰু নগদ ২৪ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়৷