গুদামতে নষ্ট লক্ষাধিক টকাৰ আয়ুর্বেদিক ঔষধ
নিয়মীয়া বাৰ্তা,৩০ মেঃ গুৱাহাটীৰ বেলতলাস্থিত কর্মচাৰী ৰাজ্যিক বীমা নিগম আদর্শ হাস্পতালত (ইএছআইচি) মডেল হাস্পতালত আয়ুর্বেদিক ঔষধৰ নামত চলিছে ব্যাপক লুণ্ঠন৷ হাস্পতালখনত ৩৫ লক্ষাধিক টকাৰ আয়ুর্বেদিক ঔষধ ব্যৱহাৰ নকৰাৰ ফলত গুদামতে নষ্ট হৈ গৈ আছে৷ এই তথ্য পোহৰলৈ অহাৰ পাছত অসম ৰিজিয়নৰ মেডিকেল ভিজিলেঞ্চ চেলৰ বিষয়া ডাঃ নম্রতা মহন্তই হাস্পতালৰ অধীক্ষক ডাঃ কমল বৰালৈ পত্র প্রেৰণ কৰে৷ এক বিশেষ সূত্রে জানিব পৰা মতে যোৱা ১৯ মে’ত লিখা উক্ত পত্রখনত ডাঃ মহন্তই লিখিছে উল্লেখ কৰা মতে হাস্পতালৰ গুদামত ৩৫ লাখ ৫৫ হাজাৰ ৩৯৪ টকা মূল্যৰ আয়ুর্বেদিক ঔষধ মজুত আছে৷ উক্ত ঔষধৰ সৰহভাগৰেই ম্যাদ উকলি গৈছে আৰু বাকীখিনি ঔষধৰো ম্যাদ সোনকালে উকলি যাব বুলি জানিব পৰা গৈছে৷ সেয়েহে ঔষধখিনি কিয় ব্যৱহাৰ নকৰাকৈ গুদামত পেলাই ৰখা হৈছে তাৰ কাৰণ জানিব বিচাৰি তেওঁ হাস্পতালৰ অধীক্ষকলৈ চিঠি প্রেৰণ কৰে৷ তদুপৰি ঔষধ ক্রয়ৰ প্রক্রিয়া, প্রয়োজনীয়তা, কেতিয়া ক্রয় কৰা হৈছিল আৰু কাৰ নির্দেশক্রমে উক্ত প্রক্রিয়া সম্পন্ন কৰা হৈছে, সেই সমুদায় তথ্য শীঘ্রে জনাবলৈ ডাঃ নম্রতা মহন্তই উক্ত পত্রৰ জৰিয়তে হাস্পতালৰ অধীক্ষকলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে ইএছআইচিত দীর্ঘদিনৰে পৰাই ব্যাপক অনিয়ম চলি থকা বুলি সঘনে অভিযোগ উত্থাপিত হৈ আহিছে৷ হাস্পতালৰ আয়ুর্বেদিক বহিঃবিভাগ (অ’পিডি)বহুদিন পূর্বেই বন্ধ কৰি দিয়া হৈছে৷ হাস্পতালখনত বর্তমান কোনো আয়ুর্বেদিক চিকিৎসকো নাই৷ তাৰ পাছতো বছৰি নূ্যনতম ৩০ লাখ টকাৰ ঔষধ ক্রয় কৰি গুদামত নষ্ট কৰি থকা হৈছে৷ কেৱল আয়ুর্বেদিক ঔষধেই নহয়, কোটি কোটি টকাৰ এলোপেথিক ঔষধ আৰু চিকিৎসা সঁজুলি (ইকুইপমেণ্টছ) ক্রয়ৰ ক্ষেত্রতো ব্যাপক অনিয়ম সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে৷ জৰুৰীকালীন সেৱা বিভাগত ৰোগীসকলৰ ভঙা বিছনা, বৰষুণৰ সময়ত ছাদৰ পৰা পানী নিগৰি পৰে৷ ছমাহ পূর্বে ক্রয় কৰা এচি মেচিনবিলাকো বিকল হৈ পৰিছে৷ নতুন পাঁচটা পানীৰ মেচিনো (কেণ্ট কোম্পানী)ৰ বিকল হৈ পৰিছে৷