নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রাহকক সংকটত পেলাই আজিৰ পৰা মহানগৰীত প্রতিলিটাৰ গাখীৰত ৩ টকাকৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ  পেট্র’ল–ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ লোকক জুৰুলা কৰাৰ সময়তে পুনৰ মূল্যবৃদ্ধি হ’ল গাখীৰৰ৷ আজিৰ পৰা মহানগৰীৰ বজাৰত প্রতিলিটাৰ গাখীৰৰ মূল্য তিনি টকাকৈ বৃদ্ধি কৰা হৈছে৷

পাইকাৰী বজাৰত প্রতিলিটাৰ গাখীৰৰ মূল্য ৫১ টকাৰ পৰা ৫৪ টকালৈ বৃদ্ধি কৰাৰ সমান্তৰালকৈ খুচুৰা বজাৰত এক লিটাৰ গাখীৰ ক্রয়ৰ বাবে গ্রাহকে পূর্বৰ ৫৩ টকাৰ ঠাইত ৫৬ টকা আৰু গেলেনৰ বাবদ অতিৰিক্ত দুটকা অর্থাৎ ৫৮ টকা ভৰিব লাগিব৷

বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাই পল্টনবজাৰস্থিত নেপালী মন্দিৰৰ সভাগৃহত এখন সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰে৷ গো–পালক সন্থাই প্রতিলিটাৰ গাখীৰৰ মূল্য পূর্বৰ তুলনাত তিনি টকাকৈ বৃদ্ধি কৰাত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাই আজিৰে পৰা কার্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্রহণ কৰা বুলি সভাপতি পদম বছনেটে সংবাদ মেলত সদৰী কৰে৷

উল্লেখ্য যে মহানগৰীত প্রতিদিনে প্রায় ১.৬০ লাখ লিটাৰ গাখীৰৰ প্রয়োজন৷ একেদৰে দুগ্ধ ব্যৱসায়ীৰ সৈতে পাঁচ শতাধিক লোক জড়িত হৈ আছে৷

স্মর্তব্য যে মহানগৰীৰ বজাৰত প্রতিলিটাৰ গাখীৰৰ মূল্য তিনি টকাকৈ বৃদ্ধি পোৱাৰ লগে লগে মহানগৰীৰ মিঠাই আৰু গাখীৰেৰে তৈয়াৰী অন্যান্য খাদ্য সামগ্রীৰ বজাৰত ইয়াৰ প্রভাৱ পৰাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ এইক্ষেত্রত চৰকাৰ প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like