নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইছলামধর্মী লোকক ঘৰতে নামাজ পঢ়াৰ আহ্বান উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ  ইছলামধর্মী লোকসকলৰ পৱিত্র ঈদলৈ মাজত মাথোঁ কেইটামান দিন৷ আগন্তুক ঈদ পালনৰ সম্পর্কত বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত উপায়ুক্তৰ সঞ্চালনাত তথা যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়কে ধৰি কেইবাজনো শীর্ষ আৰক্ষী বিষয়া আৰু প্রশাসনিক বিষয়াৰ উপস্থিতিত জিলাখনৰ ঈদগাহ সমিতিৰ বিষয়ববীয়াসকলৰ লগত এখন সভা অনুষ্ঠিত কৰা হয়৷

সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক’ভিড সংক্রমণ ৰোধ কৰাৰ স্বার্থত আগন্তুক পৱিত্র ঈদ উদ্যাপনৰ ক্ষেত্রত চৰকাৰী ক’ভিড নীতি–নির্দেশনা মানি চলিবলৈ নির্দেশ দিয়ে৷ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে সভাত উপস্থিত ইছলাম ধর্মাৱলম্বী লোকসকলক এইহেন দুঃসময়ত পৰম্পৰা ৰক্ষাতকৈ নিজ স্বাস্থ্য ৰক্ষাতহে গুৰুত্ব দিবলৈ আহ্বান জনায়৷ সভাত উপায়ুক্তগৰাকীয়ে প্রত্যেকজন ইছলাম ধর্মাৱলম্বী লোকক চৰকাৰৰ প্রতি সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়৷

You might also like