নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণগাঁও হাইস্কুলত সংখ্যালঘু ছাত্র বৃত্তিত অনিয়ম

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ ৰাজ্যত সংঘটিত হোৱা লাখ লাখ টকাৰ সংখ্যালঘু ছাত্র বৃত্তিৰ ধনৰ কেলেংকাৰিত সাঙোৰ খাই পৰিছে গুৱাহাটী মহানগৰীৰ এখন বিদ্যালয়৷ দিছপুৰ শিক্ষাখণ্ডৰ অন্তর্গত কাহিলিপাৰাৰ দক্ষিণগাঁও হাইস্কুলত ছাত্র বৃত্তিৰ নামত সংখ্যালঘু ছাত্র–ছাত্রীৰ পৰা বিদ্যালয়খনৰ প্রধান শিক্ষকে ধন সংগ্রহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

প্রাপ্ত অভিযোগ অনুসৰি, বিদ্যালয়খনৰ প্রধান শিক্ষক হেলাল উদ্দিনে একাংশ সংখ্যালঘু পৰিয়ালৰ শিক্ষার্থীৰ পৰা ছাত্র বৃত্তিৰ অনলাইন আবেদনৰ নামত ৩০০ৰ পৰা ৫০০ টকা পর্যন্ত সংগ্রহ কৰিছে৷ আনকি অভিযোগ সন্দর্ভত সংবাদ মাধ্যমৰ আগত অকপটে স্বীকাৰ কৰি ইয়াৰ এটা অংশ বিভাগীয় বিষয়াৰ জেপলৈও যোৱাবুলি প্রধান শিক্ষককগৰাকীয়ে সদৰী কৰিছে৷ প্রধান শিক্ষকগৰাকীয়ে কয় যে বিদ্যালয়খনত অধ্যয়নৰত বহু শিক্ষার্থী অথবা তেওঁলোকৰ অভিভাৱকে অনলাইন আবেদনৰ বিষয়ে অপাৰগ৷ সেয়েহে ছাত্র–ছাত্রীৰ পৰী দুই–তিনিশ টকা খৰচ বাবদ সংগ্রহ কৰাবুলি প্রধান শিক্ষকগৰাকীয়ে জানিবলৈ দিছে৷

তদুপৰি, উপৰিউক্ত বিষয়া–কর্মচাৰীসক কেতিয়াবা খৰচ বাবদ সামান্য ধন বিচৰা বুলি তেওঁ সংবাদ মাধ্যমৰ আগতব্যক্ত কৰিছে৷ অৱশ্যে বিষয়টোক লৈ বিভিন্ন প্রশ্নৰ অৱতাৰণা হোৱাত প্রধান শিক্ষক হেলালে ইতিমধ্যে সংগ্রহ কৰা ছাত্র–ছাত্রীসকলৰ ধন ওভতাই দিয়াৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে৷

ইপিনে, প্রধান শিক্ষকক প্রদান কৰা ধন ওভতাই আনিবলৈ আজি বিদ্যালয় চৌহদত বহু শিক্ষার্থী আৰু তেওঁলোকৰ অভিভাৱকে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়৷ বিদ্যালয়ত শিক্ষার্থী আৰু তেওঁলোকৰ অভিভাৱক উপস্থিত হয় যদিও ৰহস্যজনকভাৱে প্রধান শিক্ষকগৰাকীয়ে তেওঁলোকক সাক্ষাৎ কৰাৰ পৰা বিৰত থাকে৷ আনহাতে, এই সন্দর্ভত সংখ্যালঘু উন্নয়ন ব’ডৰ অধ্যক্ষ মমিনুল আৱালে আশ্চর্য প্রকাশ কৰি বিষয়টোৰ উচিত তদন্তৰ পোষকতা কৰিছে৷

You might also like