গ্রামাঞ্চলৰ স্বাস্থ্যসেৱা উন্নীতকৰণত ব্যর্থ স্বাস্থ্য বিভাগঃ এৰাবাৰীত পৰিণত মির্জাপুৰ–কাঁহিকুছি উপ–স্বাস্থ্যকেন্দ্র
নিয়মীয়া বাৰ্তা, ২৪ জুলাই: মির্জাপুৰ আৰু কাঁহিকুছিত থকা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ দুটাকৈ উপ–স্বাস্থ্যকেন্দ্রৰ দুৰৱস্থাই গ্রামাঞ্চলৰ স্বাস্থ্যসেৱাৰ স্বৰূপটো উদঙাই দিছে৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ মির্জাপুৰ বেলগুৰীয়াপাৰাত থকা মির্জাপুৰ উপ–স্বাস্থ্যকেন্দ্রৰ ভৱনটো ভাগি–ছিগি ভূত বাংলোত পৰিণত হোৱাৰ বিপৰীতে কাঁহিকুছিৰ শ্যামভূমি হাইস্কুলৰ খেলপথাৰৰ দাঁতিতে থকা কাঁহিকুছি উপ–স্বাস্থ্যকেন্দ্রটো ব্যৱহাৰ নোহোৱাকৈ বছৰ বছৰ ধৰি ফুলদানীসদৃশ সজাই থোৱাৰ অভিযোগ উঠিছে৷
স্বাস্থ্য বিভাগৰ আজাৰা প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অধীনৰ মির্জাপুৰ উপ–স্বাস্থ্যকেন্দ্রটো ১৯৮৯ চনতে স্থাপন কৰা হৈছিল৷ সেই সময়তে মির্জাপুৰৰ নৱ উদয় পুথিভঁৰাল নামৰ এটা ৰাজহুৱা অনুষ্ঠানত উক্ত উপ–স্বাস্থ্যকেন্দ্রটো স্থাপন কৰা হয়৷ বছৰ বছৰ ধৰি চলি থকাৰ পিছত ৰাইজৰ দাবীৰ প্রতি সঁহাৰি জনাই চৰকাৰে মির্জাপুৰৰ বেলগুৰীয়াপাৰাত উপ–স্বাস্থ্যকেন্দ্রটোৰ বাবে এটা গৃহ নির্মাণ কৰে৷ সেই সময়ত প্রায় ছয় লাখ টকা খৰচ কৰি নির্মাণ কৰা গৃহটো মির্জাপুৰ উপ–স্বাস্থ্যকেন্দ্র হিচাপে বিগত ২০০৯ চনৰ ২৪ ডিচেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷
চিকিৎসালয়খন মুকলি কৰাৰ পিছতেই পিছদিনাৰ পৰা বন্ধ কৰি দিয়া হয়৷ ফলত চৰকাৰী অনুদানেৰে নির্মাণ কৰা চিকিৎসালয়ৰ ভৱনটো ভাগি–ছিগি জৰাজীর্ণ ৰূপ লোৱাই নহয়, ভূত বাংলোত পৰিণত হ’বলৈ ধৰিছে৷ আনহাতে, গুৱাহাটী বৰঝাৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ নিচেই ওচৰৰে ভি আই পি অঞ্চলৰ শ্যামভূমি হাইস্কুল খেলপথাৰৰ দাঁতিতে স্বাস্থ্য বিভাগে কাঁহিকুছি উপ–স্বাস্থ্যকেন্দ্রৰ বাবে এটা ভৱন নির্মাণ কৰিছে৷
প্রায় ৮ লাখ টকা ব্যয়েৰে নির্মাণ কৰা উক্ত কাঁহিকুছি উপ–স্বাস্থ্যকেন্দ্রটো আজি প্রায় তিনি বছৰে পৰিত্যক্ত অৱস্থাতে আছে৷ উপ–স্বাস্থ্যকেন্দ্রটোৰ্ বিদ্যুৎসেৱাৰ লগতে অহা–যোৱা কৰা পথকে ধৰি সকলো ব্যৱস্থাই সম্পূর্ণ হৈ উঠিছে৷ ইয়াৰ পিছতো চিকিৎসালয়খন জনসাধাৰণৰ বাবে মুকলি নকৰি ফুলদানীসদৃশ সজাই থোৱাত স্থানীয় ৰাইজ আচৰিত হৈছে৷