নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গীতানগৰ আৰক্ষীৰ অভিযানত জালনোট প্রস্তুতৰ ঘাটি উৎখাত; মিজো মহিলাসহ দুই অভিযুক্তক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ ৰাজ্যত পুনৰ সক্রিয় হৈ উঠিছে জালনোট প্রস্তুতকাৰী চক্র৷ দুষ্টচক্রই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত লাখ লাখ জালনোট সৰবৰাহ কৰি আহিছে৷ জালনোটৰ পোহাৰ মেলা বৃহৎ চক্রটোৰ তথ্য লাভ কৰাৰ পিছত গীতানগৰ আৰক্ষীয়ে অভিযান চলাই চক্রটোৰ কেইবাজনকো গ্রেপ্তাৰ কৰাৰ লগতে বহু পৰিমাণৰ জালনোট আৰু জালনোট প্রস্তুত কৰা মেচিন, পেপাৰ আৰু কাটাৰ মেচিনসহ বৃহৎ পৰিমাণৰ সামগ্রী জব্দ কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, গীতানগৰ থানাৰ তদন্তকাৰী বিষয়া উপ–পৰিদর্শক অৰুণ বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই মঙলবাৰে গীতানগৰৰ শিৱনগৰ পথৰ এটা ভাৰাঘৰত অভিযান চলাই জালনোটসহ এগৰাকী মহিলাক গ্রেপ্তাৰ কৰে৷ ধৃত মহিলাগৰাকী হৈছে মামণি ৰয় বডো (৪৩)৷

আৰক্ষীৰ জেৰাত ধৃত মামণি ৰয় বডোৱে ফটাশিল আমবাৰীৰ আজমল হকৰ পৰা জালনোট অনা বুলি স্বীকাৰোক্তি দিয়ে৷ ধৃত মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ফটাশিল আমবাৰীৰ এটা ভাৰাঘৰত অভিযান চলাই আজমল হকৰ পত্নীক গ্রেপ্তাৰ কৰে৷ ধৃত মহিলাগৰাকী হৈছে হেণ্টামালা বিবি৷ মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত বাকোৰ ২নং বৰুৱাপাৰা তকলা গাঁৱৰ আজমল হকৰ ঘৰত বুধবাৰে নিশা গীতানগৰ আৰক্ষীয়ে অভিযান চলায়৷

আৰক্ষীৰ অভিযানত জালনোট চাৰি লাখ টকা, জালনোট ছপোৱা প্রিণ্টিং মেচিন, হিটাৰ মেচিন, পেপাৰ কাটাৰ মেচিন, বন পেপাৰৰ ৰিম, পলিমাৰ পেপাৰ, ছিমকার্ড, এটিএম, অসম পুলিচৰ টি ছার্ট, অসম সচিবালয়ৰ প্রৱেশ–পত্র, ‘আমাৰ প্রণাম’ নামৰ এখন বাতৰিকাকতৰ পৰিচয়–পত্রৰ লগতে বহু আপত্তিজনক নথিপত্র জব্দ কৰে৷ জালনোট প্রস্তুতকাৰী মূল মাষ্টাৰমাইণ্ড আজমল হকক আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে গীতানগৰ থানাত ৩১০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like