নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিণ্টু বৰাক সর্বকালৰ নিকৃষ্ট ৰাজহ চক্র বিষয়া আখ্যা

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ চন্দ্রপুৰ ৰাজহ চক্রৰ বর্তমানৰ চক্র বিষয়া জিণ্টু বৰাক দিছপুৰ সমষ্টিৰ সর্বকালৰ নিকৃষ্ট চক্র বিষয়া আখ্যা দিছে স্থানীয় বিধায়ক অতুল বৰাই৷ চন্দ্রপুৰত বুধবাৰে এক অনুষ্ঠানত ভাগ লোৱাৰ পিছত সাংবাদিকৰ লগত হোৱা বার্তালাপত বিষয়াগৰাকীৰ বিৰুদ্ধে একপ্রকাৰ এনেদৰে ক্ষোভ প্রকাশ কৰে স্থানীয় বিধায়কগৰাকীয়ে৷ উল্লেখ্য যে বর্তমানৰ চক্র বিষয়া জিণ্টু বৰা যোগদান কৰাৰে পৰা কার্যালয়টোত ব্যাপক দুর্নীতি আৰু অৰাজকতা সৃষ্টি হোৱাই নহয় ধনৰ লেনদেন অবিহনে কোনো কাম কৰিব পৰা নাই সর্বসাধাৰণ ৰাইজে৷ তদুপৰি সাধাৰণ লোকৰ ওপৰত নানাধৰণে হাৰাশাস্তি আৰু নির্যাতন চলাই আহিছে বিষয়াগৰাকীয়ে৷ বিশেষভাৱে দালাল চক্রৰ লগত মিতিৰালি কৰি স্থানীয় লোকৰ বিভিন্ন পৰিপন্থী কার্য কৰি আহিছে চক্র বিষয়াজনে৷ তেনেধৰণৰ বিভিন্ন অভিযোগৰ কথা উল্লেখ কৰি বিধায়কজনে বহু ৰাজহুৱা অভিযোগ পোৱা বুলি প্রকাশ কৰে আৰু তেওঁক দিছপুৰ সমষ্টিৰ পৰা শীঘ্রে বদলি কৰাৰ বাবে মুখ্যমন্ত্রীলৈ পত্র দিয়া বুলিও সাংবাদিকক জানিবলৈ দিয়ে তেওঁ৷ সমষ্টিটোৰ একমাত্র নিকৃষ্ট আৰু দুর্নীতিগ্রস্ত বিষয়া বুলি কৈ বিধায়কগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাৰ বাবে পুনৰ মুখ্যমন্ত্রীৰে আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে৷

You might also like