নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগীত অঘটনঃ বিদ্যুৎস্পৃষ্ট হৈ আহত দুজনক হাস্পতালত ভর্তি

নিয়মীয়া বাৰ্তা ২ আগষ্টঃ মহানগৰীৰ নাৰেংগী কলংপাৰ বজাৰৰ সমীপত দেওবাৰে এটা ভয়ংকৰ ঘটনা সংঘটিত হয়৷ এই ঘটনাত দুজনকৈ লোক বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি, ৰমেন্দ্র নাথ চৌধুৰী নামৰ লোকজনৰ কুঁৱাৰ বাল্টিটো কুঁৱাৰ ভিতৰত পৰাৰ পিছত গৰাকী চৌধুৰীয়ে এডাল লোৰ দীঘল ৰডেৰে বাল্টিটো তুলিবলৈ চেষ্টা কৰাৰ সময়তে অসাৱধানবশতঃ কুঁৱাৰ ওপৰত থকা হাই ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰত ৰডডাল লাগি যায়৷

লগে লগে বিদ্যুৎস্পৃষ্ট হৈ পৰে ৰামেন্দ্র নাথ চৌধুৰী৷ ফলত শৰীৰৰ হাত, পেট, ভৰি আদি কেইবাটাও অংশ অগ্ণিদগ্ধ হোৱাৰ লগতে বহু দূৰলৈ ছিটিকি পৰে৷ তদুপৰি, বিদ্যুৎস্পৃষ্ট হোৱাৰ সময়ত আলম দেৱান নামৰ আন এজন লোকে তেওঁক উদ্ধাৰ কৰিবলৈ যোৱাত তেৱোঁ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়৷ লগে লগে স্থানীয় ৰাইজে দুয়োকে নিকটৱর্তী গেইট হাস্পতালত ভর্তি কৰিছে৷ ইয়াৰে ৰমেন্দ্র নাথ চৌধুৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷

You might also like