নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰাৰ পানীৰে তৃষ্ণা নিবাৰণ নাৰেংগীবাসীৰ

নিয়মীয়া বাৰ্তা ১১ জুনঃ দেশ স্বাধীন হোৱাৰ ৭২টা বছৰৰ পিছতো নিজৰাৰ পানী ব্যৱহাৰ কৰি আছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এটা বিশেষ অঞ্চলৰ বাসিন্দাসকলে৷ কেৱল পানীৰ সমস্যাই নহয়, যাতায়াতৰ ক্ষেত্রতো যুগ যুগ ধৰি দুর্ভোগ ভুগি আহিছে এই অঞ্চলবাসীয়ে৷ সেই দুর্ভগীয়া অঞ্চলটো হ’ল গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ ২২ নং ৱার্ডৰ বিজুলীনগৰ৷ ৰাজ্যিক বিদ্যুৎ পৰিষদৰ নাৰেংগী সংমণ্ডল কার্যালয়ৰ সমীপৰ এই অঞ্চলটোত প্রায় চাৰিশ পৰিয়াল বসবাস কৰে৷ আশ্চর্যকৰ কথা যে নিগমৰ অধীনৰ ২২ নং ৱার্ডৰ এই বিজুলী নগৰ অঞ্চলটোৱে দেশ স্বাধীন হোৱাৰ পিছৰে পৰা সর্বদিশতে কেবল বঞ্চনাৰহে মুখ দেখি আহিছে৷ যিটো সময়ত সর্বসাধাৰণ ৰাইজক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগানৰ চৰকাৰীভাৱে ঢ়াক–ঢ়োল বজাই আছে, তেনে সময়তে এই বিজুলী নগৰৰ বাসিন্দাৰ বাবে পাহাৰৰ নিজৰাৰ পানীয়ে জীৱন ৰক্ষাৰ স্থল হৈছে৷ প্রাপ্ত তথ্য অনুসৰি, চৰকাৰ অথবা সংশ্লিষ্ট বিভাগৰ কোনো এটা পানীযোগান আঁচনিয়ে ঢুকি পোৱা নাই এই অঞ্চলটোত৷ যাৰ ফলত পাহাৰৰ শিলৰ মাজেৰে বৈ অহা নিজৰাৰ পানী ফলা বাঁহৰ সহায়ত সংগ্রহ কৰি বিভিন্ন কামত ব্যৱহৰ কৰিছে ইয়াৰ বাসিন্দাই৷ জানিব পৰা মতে, অঞ্চলটোৰ ৯০ শতাংশ লোকেই আজিও এই নিজৰাৰ পানীয়েই গাধোৱা, কাপোৰ ধোৱা, খোৱাকে ধৰি নিত্য ব্যৱহার্য কামত ব্যৱহাৰ কৰি আছে৷ অপৰিশোধিত ৰূপত এই পানী ব্যৱহাৰ কৰাৰ ফলত আনকি বিভিন্ন সময়ত পেটৰ অসুখতো ভুগিব লগা হৈছে বহু লোক৷ আনহাতে, দহ শতাংশ লোকে ব্যক্তিগত কুঁৱা আৰু একাংশই ক্রয় কৰি ব্যৱহাৰ কৰি আহিছে প্রয়োজনীয় পানী৷ অৱশ্যে ২০১৬ চনতে অঞ্চলটোৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে এটা পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰিছে৷ কিন্তু এতিয়াও নির্মীয়মাণ অৱস্থাত থকা বাবে একে সমস্যাৰ মুখামুখি হৈ থাকিব লগা হৈছে অঞ্চলবাসী৷ একেদৰে অঞ্চলটোৰ যাতায়াতৰ ক্ষেত্রতো যমৰ যাতনা ভুগি আহিছে অঞ্চলবাসী৷ কেইবাযুগ ধৰি বসবাস কৰা অঞ্চলটোৰ একমাত্র পথটো আজিপর্যন্ত পকী নোহোৱাত বিশেষকৈ বৰষুণৰ বতৰত হাহাকাৰ অৱস্থা হয় বাসিন্দাসকলৰ৷ খোজ কাঢ়িবলৈও অনুপযুক্ত পথটোৰ দুৰৱস্থাৰ বাবে আনকি ১০৮ সেৱা নাযায় অঞ্চলটোলৈ৷ যাৰ বাবে সংকটজনক ৰোগীক সাঙী কৰি কঢ়িয়াই আনিব লাগে ঘাইপথলৈ৷ পৌৰনিগম কর্তৃপক্ষ আৰু বিধায়ক–সাংসদসক এই প্রধান সমস্যাকেইটা সমাধানৰ বাবে আবেদন কৰি একপ্রকাৰ ভাগৰি পৰা বুলি জানিবলৈ দিছে বিজুলী নগৰ উন্নয়ন সমিতিৰ সম্পাদক আজাদ আলীয়ে৷ তাতোকৈ আচৰিত কথা যে নির্বাচনৰ পূর্বে আশ্বাসৰ ফুলজাৰিৰে ভৰাই দিয়া জনপ্রতিনিধিসকলে নির্বাচনৰ পিছতে পিঠি দিয়ে অঞ্চলটোক৷ সম্প্রতি হতাশাত ভোগা অঞ্চলবাসীয়ে আগন্তুক নির্বাচনত এইবাৰ জনপ্রতিনিধিক এসেকা দিয়াৰ বাবে টঙালি বান্ধিছে৷ প্রয়োজন হ’লে ভোটদানৰ পৰা বিৰত থাকিব বুলিও জানিবলৈ দিছে বাসিন্দাসকলে৷

You might also like