নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীবাসীয়ে অতি সোনকালে লাভ কৰিব অত্যাধুনিক উদ্যান

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ গুৱাহাটীৰ বাসিন্দাসকলৰ বাবে ভাল খবৰ কিয়নো তেওঁলোকে সোনকালেই তেওঁলোকৰ ব্যস্ত জীৱনৰ মাজত প্ৰাকৃতিক ভ্ৰমণ কৰিবলৈ নতুন  উদ্যান  লাভ কৰিব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ হেঙেৰাবাৰীত অসম খাদী আৰু গাওঁ উদ্যোগ পৰিষদৰ চৌহদত ‘নেচাৰ পাৰ্ক’ৰ আধাৰশিলা স্থাপন কৰে।

উদ্যানখন জিএমডিএৰ দ্বাৰা মুঠ ১১.৯৩ কোটি টকাৰ বিনিময়ত ১৪ বিঘাতকৈও অধিক ভূমিত নিৰ্মাণ কৰা হ’ব।

উদ্যানখনত কেফেটেৰিয়া, শিশুৰ খেলৰ স্থান, ধ্যান কেন্দ্ৰ, নাৰ্চাৰী আদি থাকিব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে উদ্যানখনে অঞ্চলটোৰ বাসিন্দাসকলক পৰ্যাপ্ত মনোৰঞ্জনৰ সুযোগ প্ৰদান কৰিব আৰু সকলো শ্ৰেণীৰ লোকৰ বাবে চহৰখনত মুকলি ঠাইৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

 লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে  জানিবলৈ দিয়ে যে ফাচী বজাৰৰ পুৰণি কাৰাগাৰ চৌহদত বটানিকেল গাৰ্ডেন স্থাপনৰ বাবে অতি সোনকালেই নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব আনহাতে মালিগাঁও হাউচিং বোৰ্ডৰ স্থানত আন এখন উদ্যান নিৰ্মাণ কৰা হৈছে।

অনুষ্ঠানটোত মন্ত্ৰী অশোক সিংঘল, সাংসদ কুইন ওজা, বিধায়ক অতুল বৰাও উপস্থিত আছিল।

You might also like