দীঘলীপুখুৰী–সতী ৰাধিকা–নেহৰু পার্কত আৱর্জনাৰ দ’ম, পার্ক খোলাত অনীহা কর্তৃপক্ষৰ
নিয়মীয়া বার্তা, ১৫ অক্টোবৰঃ ক’ভিড–১৯ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে বিগত ৭ মাহ ধৰি বন্ধ হৈ আছে অৱসৰ বিনোদনৰ অন্যতম কেন্দ্র মহানগৰীৰ পার্কসমূহ৷ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে ক’ভিড–১৯ৰ নীতি–নির্দেশনা মানি পার্কসমূহ খোলাৰ নির্দেশনা জাৰি কৰিছে৷ কেন্দ্রীয় চৰকাৰে কাইলৈৰ পৰা অৱসৰ বিনোদনৰ বাবে পার্কসমূহ খুলিবলৈ নির্দেশ জাৰি কৰিছে৷ কিন্তু গুৱাহাটী মহানগৰীৰ পার্কসমূহ পুনৰ মুকলি কৰাত বিভাগীয় কর্তৃপক্ষই অনীহা প্রকাশ কৰা পৰিলক্ষিত হৈছে৷
কর্তৃপক্ষৰ হেমাহিৰ বাবেই বিগত সাত মাহ ধৰি বন্ধ হৈ থকা পার্কসমূহত আৱর্জনাৰ দ’ম বান্ধিছে৷ গছৰ ডাল–পাতৰ আৱর্জনা, ধূলি–বালিৰে পার্কসমূহ অস্বাস্থ্যকৰ আৰু পৰিত্যক্ত হৈ পৰিছে৷ বিশেষকৈ ব্রহ্মপুত্রৰ পাৰৰ সতী ৰাধিকা উদ্যান, দীঘলীপুখুৰী, নেহৰু পার্ককে ধৰি মহানগৰীৰ আটাইকেইখন পার্কতে আৱর্জনাৰ দ’ম বন্ধাৰ পাছতো বিভাগীয় কর্তৃপক্ষই আৱর্জনা পৰিষ্কাৰ কৰাৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷
পর্যটন বিভাগৰ অধীনত থকা সতী ৰাধিকা উদ্যান আৰু দীঘলীপুখুৰী পৰিষ্কাৰ কৰি অৱসৰ বিনোদনৰ বাবে মুকলি কৰাৰ ক্ষেত্রত বিভাগীয় কর্তৃপক্ষই গুৰুত্ব প্রদান কৰা নাই৷ বিগত সাত মাহ ধৰি পার্কসমূহ বন্ধ হৈ থকাত লাখ লাখ টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে পর্যটন বিভাগে৷ একেদৰে জি এম ডি এৰ অধীনত থকা ১৯খনকৈ পার্ক পৰিষ্কাৰৰ ক্ষেত্রতো বিভাগীয় কর্তৃপক্ষই বিশেষ গুৰুত্ব প্রদান কৰা নাই৷ জি এম ডি এৰ অধীনত থকা শ্রদ্ধাঞ্জলি কাননৰ বাহিৰে আনকেইখন পার্ক ক’ভিড প্রট’কল মানি অৱসৰ বিনোদনৰ বাবে কাইলৈৰ পৰা পুনৰ মুকলি কৰাৰ সম্ভাৱনা নাই৷
জি এম ডি এৰ অধীনত থকা নেহৰু পার্ক, ভৰলুমুখৰ শংকৰদেৱ উদ্যান, তৰুণৰাম ফুকন পার্ক, চানমাৰিৰ অম্বিকাগিৰী উদ্যান, বেলতলাৰ শিশু উদ্যান, বাঘৰবড়িৰ শিশু উদ্যান, ৰুক্মিণীগাঁৱৰ শিশু উদ্যান, খ্রীষ্টানবস্তিৰ শিশু উদ্যান, মালিগাঁৱৰ শিশু উদ্যান, খাৰঘুলিৰ শিশু উদ্যান, পাঞ্জাবাৰীৰ শিশু উদ্যান, আৰ জি বৰুৱা ৰোডৰ শিশু উদ্যান, শিলপুখুৰীৰ উদ্যান আৰু উত্তৰ গুৱাহাটীৰ উদ্যানকেইখনো পৰিষ্কাৰ কৰি পুনৰ মুকলি কৰাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই জি এম ডি এ কর্তৃপক্ষই৷
ক’ভিড–১৯ক লৈ সৃষ্টি হোৱা পৰিস্থিতিত এই পার্কসমূহৰ পৰা সংগৃহীত হোৱা বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে জি এম ডি এ কর্তৃপক্ষই৷ ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ পাছতো অৱসৰ বিনোদনৰ কেন্দ্র এই পার্কসমূহ পৰিষ্কাৰ আৰু ছেনিটাইজৰ ব্যৱস্থাৰে পুনৰ দর্শনার্থীৰ বাবে মুকলি কৰি ৰাজহ সংগ্রহ কৰাৰ বাবে বিভাগীয় কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ নকৰাটো অতি পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈছে৷