সা–সুবিধা প্রদান নকৰাকৈ ফ্লেট বিক্রী নেহা বিল্ডার্ছ ৰিয়েল ইষ্টেট ডেভেল’পার্ছৰ
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ কামৰূপ গ্রাহক আদালতে গুৱাহাটীৰ ভি আই পি ৰোডৰ বালি এনক্লেভৰ আৱাসীসকলক ৫ লাখ ১০ হাজাৰ টকাকৈ ক্ষতিপূৰণ আদায়ৰ নির্দেশ দিছে গুৱাহাটীৰ বেলতলা বশিষ্ঠ পথৰ নেহা বিল্ডার্ছ ৰিয়েল ইষ্টেট ডেভেল’পার্ছক৷ চুক্তি অনুসৰি, সেৱা প্রদানত ব্যর্থ হোৱাৰ অভিযোগত অভিযুক্ত কৰি আগন্তুক ৪৫ দিনৰ ভিতৰত অভিযোগকাৰীক এই ক্ষতিপূৰণৰ ধন আদায় দিবলৈও নির্দেশ দিয়ে গ্রাহক আদালতে৷ বালি এনক্লেভৰ ১২টা ফ্লেটৰ আৱাসীসকলৰ হৈ প্রবীণ কুমাৰ দাসে নেহা বিল্ডার্ছৰ বিৰুদ্ধে কনজিউমার্ছ লিগেল প্রটেকচন ফ’ৰামৰ ওচৰত অভিযোগ দাখিল কৰিছিল৷ অভিযোগ অনুসৰি, সকলো ধৰণৰ ধন আদায় দিয়াৰ পিছতো নেহা বিল্ডার্ছে আৱাসীসকলক অধিকাংশ সা–সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে৷ ২০১৩ চনতে এই ১২জন আৱাসীয়ে বালি এনক্লেভত ফ্লেট ক্রয় কৰি বাস কৰিবলৈ আৰম্ভ কৰিছিল৷ কিন্তু বিল্ডার্ছে প্রতিশ্রুতি আৰু বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি সা–সুবিধাসমূহ দিবলৈ অপাৰগ হয়৷ আনকি সম্পূর্ণ বৈদ্যুতিক সংযোগ, আর্থিং, সুৰক্ষা কর্মী নিয়োগ, যান–বাহনৰ পার্কিং, অনাময়, অগ্ণি নির্বাপণ ব্যৱস্থা, উপযুক্ত লিফ্ট স্থাপন, দখলৰ প্রমাণ–পত্র আদিও বিল্ডার্ছে নিদিলে৷ বাৰম্বাৰ যোগাযোগ কৰাৰ পিছতো বিল্ডার্ছে এই ক্ষেত্রত নূ্যনতম গুৰুত্ব নিদিয়াত বালি এনক্লেভৰ আৱাসীসকলে অভাৱনীয় দুর্ভোগ আৰু হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়৷ বালি এনক্লেভৰ এই ১২গৰাকী আৱাসীৰ যৌথ অভিযোগৰ ভিত্তিত কনজিউমার্ছ লিগেল প্রটেকচন ফ’ৰামে ২০১৭ চনত কামৰূপ গ্রাহক আদালতত গ্রাহক সুৰক্ষা আইন, ১৯৮৬ৰ আইনৰ ১৪ (ডি) অনুচ্ছেদৰ অধীনত ২৬/২০১৭ নম্বৰত গোচৰ ৰুজু কৰে৷ কনজিউমার্ছ লিগেল প্রটেকচন ফ’ৰামৰ হৈ অধিবক্তা অজয় হাজৰিকা আৰু অধিবক্তা সুভাষ মোহন শর্মাই দীর্ঘদিন ধৰি গ্রাহক আদালতত বালি এনক্লেভৰ বাসিন্দাসকলৰ হৈ আইনী যুঁজঁ দিয়ে৷ বাৰম্বাৰ জাননী দিয়াৰ পিছতো নেহা বিল্ডার্ছ ৰিয়েল ইষ্টেট ডেভেল’পার্ছে গ্রাহক আদালতত উপস্থিত হোৱাৰ পৰা বিৰত থাকে৷ অৱশেষত চলিত বর্ষৰ ৫ জানুৱাৰীত কামৰূপ গ্রাহক আদালতে ৰায় দি নেহা বিল্ডার্ছক চুক্তি অনুসৰি সেৱা প্রদানত ব্যর্থ হোৱাৰ অভিযোগত অভিযুক্ত কৰি বালি এনক্লেভৰ ১২জন আৱাসীক ক্ষতিপূৰণ আদায়ৰ নির্দেশ দিয়ে৷