নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থলুৱা বাদ্যযন্ত্রৰ সমাহাৰেৰে উখল–মাখল নৱবর্ষ মহোৎসৱ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ কলাক্ষেত্রত একবিংশ সংখ্যক নৱবর্ষ মহোৎসৱৰ তৃতীয় দিনা শতাধিক থলুৱা শিল্পীৰ দ্বাৰা অসমৰ বিভিন্ন লোকবাদ্য বৰঢ়োল, তিৱা ঢ়োল, কার্বি ঢ়োল, ঢ়েপা ঢ়োল, নাগাৰা, দগৰ, ৰাভা ঢ়োল, মিচিং ঢ়োল, মাদল আদি কলাক্ষেত্রৰ বিভিন্ন স্থানত পৰিৱেশন কৰাৰ লগতে শিল্পীসকলৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ দিনৰ ২ বজাত অনুষ্ঠিত হয় শিশু আৰু চেমনীয়াৰ ‘অকণিৰ ৰহঘৰ’ শীর্ষক এক অনুষ্ঠান৷ মহাপুৰুষ শ্রীশ্রী মাধৱদেৱ বিৰচিত নামঘোষা পৰিৱেশনেৰে অনুষ্ঠানটোৰ শুভ উদ্বোধন হয়৷

এই অনুষ্ঠানত ২৫গৰাকী শিশু চেমনীয়াই মুক্তমনে ছবি অংকন কৰে৷ অনুষ্ঠানত আশ্বাস আয়ুষ্মান আৰু গৰিমা দেৱীৰ গীতে সকলোকে মুগ্ধ কৰে৷ শাৰণ্য কাশ্যপৰ কবিতা আবৃত্তি আৰু মধুসূদন দাসৰ ৰচনা আৰু পৰিকল্পনাৰে পৰিৱেশন কৰা Promise’ নাটকে সকলোকে মুগ্ধ কৰে৷ নাটখনত অভিনয় কৰে শিশুশিল্পী ক্রমে অনুৰাগী ফুকন, সাক্ষী প্রিয়ম্বদা, অগস্ত্যয় হাজৰিকাই৷ সন্ধিয়া ৪.৩০ বজাত অনুষ্ঠিত কৰা হয় ‘প্রাগ ঝংকাৰ’ শীর্ষক অসম অৱনদ্ধ বাদ্যৰ অনুষ্ঠান৷ অনুষ্ঠানটো বন্তি প্রজ্বলনেৰে উদ্বোধন কৰে বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰে৷

অৱনদ্ধ বাদ্যসমূহ একত্রিত কৰি এই সমাৰোহ আয়োজন কৰাটো কলাক্ষেত্র সমাজৰ এক বিৰল প্রয়াস আৰু ই প্রয়াসে শিল্পীসকলক উৎসাহিত কৰি তুলিব বুলি তেওঁ ভাষণ প্রসংগত উল্লেখ কৰে৷ অনুষ্ঠানত উপস্থিত থাকে কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সাধাৰণ পৰিষদৰ সদস্য মুকুল ৰাভা আৰু প্রদীপ পূজাৰী৷

You might also like