নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞানসন্মত নলা–নর্দমাৰ অভাৱঃ ১৮ নং ৱার্ড বিভিন্ন সমস্যাৰে সহাৱস্থান স্থানীয় বাসিন্দাৰ

নিয়মীয়া বাৰ্তা ১৩ জুলাইঃ মহানগৰীৰ কৃত্রিম বান নিয়ন্ত্রণৰ প্রতি লক্ষ্য ৰাখি ৰাজকোষৰ কোটি কোটি টকা ব্যয়সাপেক্ষে জিএমডিএ আৰু জিএমচি কর্তৃপক্ষই বিভিন্ন আঁচনি গ্রহণ কৰি আহিছে যদিও এইসমূহৰ সফল ৰূপায়ণ হোৱা নাই৷ ফলত এজাক বৰষুণতেই মহানগৰীত কৃত্রিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰে৷ মহানগৰীৰ অন্যান্য অঞ্চলৰ লগতে ৰূপনগৰত বিজ্ঞানসন্মত নলা–নর্দমা নথকাৰ বাবে এজাক বৰষুণতে নলাৰ পৰা উঠি অহা আৱর্জনাৰে ভৰি পৰে পথ–উপপথ৷ তদুপৰি, উন্মুক্ত নলা–নর্দমাত একাংশ অসাধু লোকে মুকলিকৈ আৱর্জনা পেলাই পৰিৱেশ বিনষ্ট কৰা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ নলাত কুকুৰ–মেকুৰীৰ মৰাশ পেলাই যোৱা বাবে পূতিগন্ধময় পৰিৱেশৰ মাজত পথচাৰীয়ে নাকত ৰুমাল মেৰিয়াই যাতায়াত কৰিবলগীয়া হৈছে৷

You might also like