নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰাৰ পানীৰে তৃষ্ণা নিবাৰণ কটাহবাৰী নিজৰাপাৰবাসীৰ

ৱার্ড নং ৬(চি) বিশুদ্ধ খোৱাপানী যোগানত ব্যর্থ পৌৰ নিগম–জনস্বাস্থ্য

নিয়মীয়া বাৰ্তা ২৮ জুনঃ গুৱাহাটী মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাত ব্যর্থ হৈছে পৌৰ নিগম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ৷ মহানগৰীত বসবাস কৰা মাত্র ২৫ শতাংশ লোককহে খোৱাপানী যোগান ধৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে ৭৫ শতাংশ লোক আজিও বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ আছে৷ চৰকাৰে মহানগৰবাসীক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগানৰ বাবে কেইবাখনো অভিলাষী আঁচনি গ্রহণ কৰিছে৷ কিন্তু এই অভিলাষী আঁচনিকেইখন আজিলৈকে সম্পূর্ণ হোৱা নাই৷ এইকেইখন আঁচনি সম্পূর্ণ হ’লেও মহানগৰীৰ বহু পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকল বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ থাকিব৷ স্মার্টচিটীৰ ৰূপ পাবলৈ গৈ থকা গুৱাহাটী মহানগৰীৰ বাসিন্দাই একবিংশ শতিকাৰ এই যুগতো জান–জুৰি–নিজৰাৰ পানী খাই দুর্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে৷

গুৱাহাটী মহানগৰীৰ ৬নং(চি) ৱার্ডৰ বাসিন্দাসকলে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে বছৰৰ পিছত বছৰ ধৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ ৱার্ডটোৰ কটাহবাৰী নিজৰাপাৰৰ বাসিন্দাসকলে কেইবাদশক ধৰি নিজৰাৰ পানীৰে তৃষ্ণা নিবাৰণ কৰি আহিছে৷ কটাহবাৰীৰ নিজৰাপাৰৰ চাৰি শতাধিক বাসিন্দাই এই দুর্বিষহ জীৱন যাপন কৰি অহাৰ পিছতো এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তর্গত কটাহবাৰী নিজৰাপাৰৰ চাৰি শতাধিক পৰিয়ালে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক বহুবাৰ আবেদন–নিবেদন কৰাৰ পিছতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে অঞ্চলবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে৷

বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই নিজৰাপাৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ অঞ্চলটোৰ বাসিন্দাসকলে পুৱাই নিজৰাৰ পানী আনিবলৈ শাৰী পাতিবলগীয়া হয়৷ একাংশ বাসিন্দাই পাহাৰৰ নামনিৰ পৰা খোৱাপানী সংগ্রহ কৰে৷ আন একাংশই ঘৰত ডাঙৰ ডাঙৰ ড্রাম আনি বাৰিষাৰ সময়ছোৱাত বৰষুণৰ পানী সংগ্রহ কৰি তাকে ব্যৱহাৰ কৰি আহিছে৷ অঞ্চলটোৰ একাংশ মহিলাই জানিবলৈ দিয়া মতে, পানীৰ অভাৱত চাউল, বাচন, শাক–পাচলি ধোৱা পানীকে প্রাতঃকর্ম কৰাৰ বাবে ব্যৱহাৰ কৰি আহিছে৷ নিজৰাৰ ঘোলাপানী আনিবলৈ অঞ্চলটোত বসবাস কৰা শিশুৰ পৰা বৃদ্ধলৈ পুৱাৰে পৰা শাৰী পাতি সংগ্রহ কৰাৰ দৃশ্য দেখিলে এয়া গুৱাহাটী মহানগৰী নহয়, ৰাজ্যৰ কোনো অতি দুর্গম আৰু পিছপৰা অঞ্চল বুলিহে ধাৰণা হ’ব৷

You might also like