নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিগাঁও ৰে’লৰ আৱাসত ভাৰাঘৰৰ ৰমৰমীয়া বেহাঃ নীৰৱ উত্তৰ–পূব সীমান্ত ৰে’ল কর্তৃপক্ষ

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ উত্তৰ–পূব সীমান্ত ৰে’ল কর্তৃপক্ষৰ অধীনৰ ৰে’ল আৱাসসমূহ অধিকাংশ আৱাসীয়ে ভাৰালৈ দি অবৈধভাৱে ধন উপার্জন কৰি থকাৰ গুৰুতৰ অভিযোগ উঠিছে৷ জানিব পৰা মতে, পাণ্ডু–মালিগাঁও অঞ্চলত ৰে’ল বিভাগৰ প্রায় ২২শ আৱাস আছে৷ আৱাসসমূহ বিভিন্ন বর্গৰ ৰে’ল কর্মচাৰীৰ নামত আবণ্টন দিয়া আছে৷ কিন্তু অভিযোগ অনুসৰি অধিকাংশ আৱাসত নিজে থকাৰ সলনি ভাৰালৈ দি অবৈধ বেহা চলাই আছে৷

জানিব পৰা মতে, আৱাসৰ নামত কর্মচাৰীজনৰ পৰা ৰে’ল বিভাগে মাহত আঠশৰ পৰা এহেজাৰ টকা আদায় লয়৷ কিন্তু আৱাসটো ভাৰালৈ দিলে কর্মচাৰীজনে মাহেকত দহৰ পৰা পোন্ধৰ হাজাৰ টকা লাভ কৰে৷ ফলত অধিকাংশ কর্মচাৰীৰে আৱাস ভাৰালৈ দিয়াৰ প্রৱণতা গঢ়ি উঠিছে৷ তদুপৰি, বহু কর্মচাৰীয়ে আৱাসৰ সন্মুখৰ মুকলি অংশত তর্জা বা টিনৰ চালি সাজিও ভাৰালৈ দিয়া পৰিলক্ষিত হৈছে৷

ৰে’ল বিভাগৰ নিয়ম অনুসৰি আৱাস চৌহদত নিজাকৈ কোনো নির্মাণকার্য কৰিব নোৱাৰে৷ আনকি সাধাৰণ কিবা মেৰামতি কৰিব লগা হ’লেও ৰে’ল বিভাগৰ সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতিৰ প্রয়োজন৷ ইয়াৰ পিছতো গৰিষ্ঠসংখ্যক আৱাসৰ সন্মুখত টিনৰ চালি, তর্জাৰ ঘৰ দেখিবলৈ পোৱা যায়৷ মন কৰিবলগীয়া যে মালিগাঁৱতে আছে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য কার্যালয়৷ ইয়াৰ পিছতো পাণ্ডু, মালিগাঁও অঞ্চলত আৱাসৰ নামত অবৈধ বেহা চলি থকা কার্যই বিভাগীয় কর্তৃপক্ষৰ দায়িত্বহীনতা উদঙাই দিছে৷ এইখিনিতে উল্লেখ কৰা ভাল যে পাণ্ডু, মালিগাঁৱত বিগত সময়ছোৱাত অভাৱনীয় হাৰত বৃদ্ধি পাইছে মদ, ভাং, ড্রাগ্ছ, জুৱাকে ধৰি বিভিন্ন অসামাজিক কার্যকলাপ৷ বৃদ্ধি পাই আহিছে চুৰি–ডকাইতিৰ ঘটনা৷ ড্রাগ্ছ আৰু জুৱাকেন্দ্রিক সংঘাতৰ বাবে কিছুদিন পূর্বে পাণ্ডু অঞ্চলত সংঘটিত হৈছে দুটাকৈ লোমহর্ষক হত্যাকাণ্ড৷

ৰে’লৱেৰ আৱাসসমূহ নিৰাপদ আশ্রয়স্থল হিচাপে বিবেচিত হোৱাৰ পৰিপ্রেক্ষিতত চতুৰ অপৰাধীসকলে আৱাসত ভাৰাতীয়া হিচাপে আশ্রয় লৈ থকাৰ সম্ভাৱনীয়তাক নুই কৰিব নোৱাৰি৷ যদি উত্তৰ–পূব সীমান্ত ৰে’ল কর্তৃপক্ষই আৱাসসমূহত চৰজমিন অনুসন্ধান চলায়, তেন্তে আৱাস আবণ্টনৰ নামত চলি থকা অবৈধ বেহা পোহৰলৈ আহিব৷

You might also like