নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’লা–উবেৰৰ বিৰুদ্ধে শোষণৰ অভিযোগঃ কেবচালকৰ আমৰণ অনশন

নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ কেব সেৱাৰে জড়িত থকা বাহনৰ চালক আৰু মালিক কর্তৃপক্ষক অ’লা আৰু উবেৰ প্রতিষ্ঠানে চলোৱা শোষণৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তুলিব কেবচালকসকলে৷ অত্যধিক কমিছন আৰু সৰু–সুৰা অভিযোগৰ বাবে চালকসকলৰ একাউণ্ট বন্ধ কৰাকে ধৰি পদে পদে চালক তথা মালিকসকলক অ’লা–উবেৰ কর্তৃপক্ষই নির্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ উবেৰচালকে৷ সেয়েহে দুয়োটা প্রতিষ্ঠানৰ বিৰুদ্ধে অহা ১৫ ডিচেম্বৰত আমৰণ অনশন কার্যসূচী ৰূপায়ণ কৰিছে৷ উল্লেখ্য যে ভাৰাৰ নিৰিখ নির্ধাৰণ কৰা, কোম্পানীৰ কমিছন ১০ শতাংশলৈ হ্রাস কৰা, বুকিং হোৱা ঠাইৰ পৰা মিটাৰ আৰম্ভ কৰা, কোনো গুৰুতৰ অভিযোগৰ প্রমাণ নোপোৱাকৈ চালকৰ একাউণ্ট বন্ধ নকৰা, বাহনৰ নথি–পত্র, ইএমআই এবছৰৰ বাবে ৰেহাই দিয়া, চালকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে চালক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ইএছআইচিৰ ব্যৱস্থা কৰাৰ বাবে কেবচালকসকলে দীর্ঘদিন ধৰি অ’লা–উবেৰ প্রতিষ্ঠানক দাবী জনাই অহাৰ পাছতো বিভাগীয় কর্তৃপক্ষই ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰাৰ পৰা বিৰত আছে৷ কেবচালকসকলৰ এই দীর্ঘদিনীয়া দাবীসমূহ পূৰণৰ বাবে অহা ১৫ ডিচেম্বৰত আমৰণ অনশন কার্যসূচী গ্রহণ কৰিব বুলি একাংশ কেবচালকসকলে জানিবলৈ দিছে৷

You might also like