নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব গুৱাহাটীৰ অজাপৰ প্রার্থীৰ নির্বাচনী ইস্তাহাৰ মুকলি

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ‘মহানগৰীৰ প্রাণকেন্দ্রস্বৰূপ পূব গুৱাহাটী বিধানসভা সমষ্টিকে ধৰি মহানগৰবাসীক প্রতাৰণা কৰিছে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে৷ পৰিৱর্তনৰ শ্লোগান আওৰাই ক্ষমতালৈ অহা চৰকাৰখনে মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰা, বানমুক্ত মহানগৰী আৰু ভূমিহীন পৰিয়ালক পট্টা প্রদানৰ প্রতিশ্রুতি দিছিল যদিও পাঁচ বছৰীয়া কার্যকালত চৰকাৰখনে এটা সমস্যাও সমাধান কৰিব নোৱাৰিলে৷’ –এই ভাষ্য পূব গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্রার্থী অদীপ কুমাৰ ফুকনৰ৷

শুকুৰবাৰে ৰাজগড়স্থিত পৰিষদৰ মুখ্য কার্যালয়ত প্রার্থীগৰাকীয়ে নিজৰ নির্বাচনী ইস্তাহাৰ মুকলি কৰি দিয়া ভাষণত এইদৰে কয়৷ অসম জাতীয় পৰিষদৰ প্রার্থীগৰাকীয়ে লগতে কয় যে মহানগৰীৰ ৭০ শতাংশ লোক বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত৷ মহানগৰবাসীক খোৱাপানী যোগানৰ বাবে ২০০৯ চনতে কেইবাটাও অভিলাষী আঁচনি গ্রহণ কৰিছিল যদিও বিগত ১৩ বছৰে এই আঁচনিসমূহৰ কাম সম্পন্ন কৰিব পৰা নাই৷ একেদৰে কৃত্রিম বানৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ বাবে চৰকাৰে প্রতিবছৰে নলা–নিষ্কাশনৰ নামত ১৩০ কোটি টকা ব্যয় কৰি আহিছে যদিও মহানগৰীৰ একাংশ নলা–নর্দমা আজিও আৱর্জনাৰে ভৰি আছে৷ নলা নিষ্কাশনৰ নামত ধার্য কৰা ধনৰ সদ্ব্যৱহাৰ কৰাৰ বিপৰীতে জনপ্রতিনিধিয়ে পৌৰ নিগমৰ একাংশ বিষয়াৰে মিলি আত্মসাৎ কৰিছে৷

ইপিনে, গুৱাহাটীৰ পাহাৰত দীর্ঘদিন ধৰি বাস কৰা ৬৩ হাজাৰ ভূমিহীন পৰিয়াল আছে৷ পাহাৰত বাস কৰা ভূমিহীন পৰিয়ালক ভূমিপট্টা দিয়াৰ নামতো চৰকাৰখনে প্রতাৰণা কৰিছে৷ একেদৰে স্মার্টচিটীৰ নামতো মহানগৰবাসীক চৰকাৰখনে আভুৱা–ভাঁৰিছে বুলি অজাপৰ প্রার্থীগৰাকীয়ে অভিযোগ কৰে৷

আনহাতে যোৱা আঢ়ৈ বছৰে গুৱাহাটী পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত নকৰা বাবে চৰকাৰখনে মহানগৰবাসীৰ ৰাজনৈতিক অধিকাৰ খর্ব কৰা বুলি অভিযোগ কৰে৷ তদুপৰি পূব গুৱাহাটীত অজাপৰ প্রার্থীৰ পোষ্টাৰ ফালি দিয়া ঘটনাত উদ্বেগ প্রকাশ কৰি শান্তিপূর্ণ ভোটদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্বাচন আয়োগক আহ্বান জনায়৷ সেয়েহে এইবাৰ নির্বাচনত পূব গুৱাহাটীত অজাপক ভোটদান কৰিবলৈ তেওঁ ভোটাৰ ৰাইজক আহ্বান জনোৱাৰ লগতে নির্বাচনত জয়ী হ’লে সমষ্টিৰ প্রতিটো ৱার্ডত মাহে মাহে সভা পাতি উন্নয়নমূলক কাম–কাজ আৰু সমস্যা সমাধানৰ বাবে ৰাইজৰ পৰামর্শ লোৱাৰ কথা উল্লেখ কৰে৷

ভূমিপট্টাকে ধৰি খোৱাপানী আৰু কৃত্রিম বান নিয়ন্ত্রণত তেওঁ জয়ী হ’লে সর্বাধিক গুৰুত্ব আৰোপ কৰিব বুলি কয়৷ আৰম্ভণিতে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃৰ বিয়োগৰ বাবে শোক প্রকাশ কৰি এক মিনিট সময় মৌন প্রার্থনা জনোৱা হয়৷ সংবাদ মেলত অজাপৰ মুখ্য উপদেষ্টা বসন্ত ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, কেন্দ্রীয় সম্পাদক চিত্ত বসুমতাৰী, উপ–সভাপতি বলেন ভৰালী, ৰবীন্দ্র দত্তকে ধৰি কেইবাগৰাকী নেতা–কর্মী উপস্থিত থাকে৷

You might also like