নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ পাহাৰ খননৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ নির্দেশ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাৰ নতুনকৈ দায়িত্বভাৰ গ্রহণ কৰাৰ পিছত উপায়ুক্তই আজি চন্দ্রপুৰ আৰু পানীখাইতীৰ কেইবাটাও কার্যালয় আৰু উন্নয়নমূলক প্রকল্প পৰিদর্শন কৰে৷ উপায়ুক্তগৰাকীয়ে প্রথমে চন্দ্রপুৰ ৰাজহ চক্রৰ কার্যালয় পৰিদর্শন কৰে৷তাত তেওঁ অঞ্চলটোৰ ভূমি সমস্যা আৰু শেষতীয়াকৈ চলি থকা বসুন্ধৰা আঁচনিৰ কাম–কাজৰ বুজ লয়৷ তাৰ পিছতে তাঁতীমাৰাত ৰুৰবান ক্লাষ্টাৰৰ অধীনত হেণ্ডলুম এণ্ড টেক্সটাইল বিভাগে অনুষ্ঠিত কৰা উইভিং প্রশিক্ষণ শিবিৰটো পৰিদর্শন কৰি প্রশিক্ষার্থী মহিলাসকলৰ সৈতে মত বিনিময় কৰে উপায়ুক্তগৰাকীয়ে৷ ইয়াৰ পিছত উপায়ুক্তগৰাকীয়ে পোনে পোনে চন্দ্রপুৰ খণ্ড উন্নয়ন কার্যালয়ত উপস্থিত হৈ কার্যালয়টোৰ কর্মচাৰীৰ বিভিন্ন সমস্যা আৰু অসুবিধাৰ বুজ লয়৷ তাৰ পৰা ঠাকুৰকুছিস্থিত পানীখাইতী ক্ষুদ্র স্বাস্থ্য কেন্দ্রত উপস্থিত হৈ ক’ভিড ভেকচিন প্রদান প্রক্রিয়াৰ বুজ লৈ শীঘ্রে অঞ্চলটোত এশ শতাংশ ভেকচিন প্রদান কার্য সম্পন্ন কৰিবলৈ কঠোৰ নির্দেশ দিয়ে জিলা মুৰব্বীজনে৷ এইক্ষেত্রত আনকি চক্র বিষয়াক যাৱতীয় ব্যৱস্থা গ্রহণ কৰাৰ কথা উল্লেখ কৰি অঞ্চলটোৰ ইটাভাতা আৰু উদ্যোগ আদিত গৈ ভেকচিন প্রদান কৰিবলৈ নির্দেশ দিয়ে৷ উপায়ুক্তগৰাকীয়ে লগতে ভেকচিন ল’বলৈ বাকী থকা নলঘুলি গাঁৱৰ তেনে লোকৰ ঘৰত উপস্থিত হৈ ভেকচিন লোৱাৰ বাবে বুজনি দিয়ে৷ তদুপৰি কামৰূপ জিলা পৰিষদৰ তত্ত্বাৱধানত ঠাকুৰকুছি গাঁৱত চলি থকা ৰুৰবান ক্লাষ্টাৰৰ দুশ কোটি টকীয়া প্রকল্পটো পৰিদর্শন কৰে তেওঁ৷ মন কৰিবলগীয়া যে আজি বিভিন্ন প্রকল্প পৰিদর্শন কৰাৰ সময়ত উন্নয়ন খণ্ড কার্যালয়ৰ দাঁতিতে ব্যাপক হাৰত পাহাৰৰ ভূমি কাটি থকা প্রত্যক্ষ কৰি খর্গহস্ত হৈ পৰে উপায়ুক্তগৰাকী৷ এই বিষয়ে বিডি’ক প্রশ্ণ কৰাত তাত কৃষি প্রকল্প স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে যদিও তাৰ বাবে বিভাগীয় অনুমতি আৰু এন অ’ চি লোৱাৰ ক্ষেত্রত জবাবদিহি কৰে৷ একেদৰে পানীখাইতীৰ এডোখৰ কৃষিভূমিত একাংশ সাধু ব্যৱসায়ী বালিৰ খাদান কৰাৰ চেষ্টা চলোৱা বিতর্কিত স্থানো পৰিদর্শন কৰি তাত বালিৰ খাদান খোলাৰ ব্যৱস্থা নকৰিবলৈ চক্র বিষয়াক কঠোৰ নির্দেশ দিয়ে৷ তদুপৰি পানীখাইতী ক্ষুদ্র স্বাস্থ্য কেন্দ্রৰ স্বাস্থ্য বিষয়া ডাঃ সুমন পালক কেন্দ্র চৌহদত থকাৰ ব্যৱস্থা কৰিবলৈ কঠোৰ নির্দেশ দিয়ে, ইয়াৰ অন্যথা ব্যৱস্থা গ্রহণ কৰিব বুলি সকীয়নি দিয়ে৷

You might also like