নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পল্টনবজাৰত আৰক্ষীৰ গুণ্ডাকৰ সংগ্রহ

মহানগৰ আৰক্ষী আয়ুক্তক ব্যৱস্থা গ্রহণৰ আহ্বান ভুক্তভোগীৰ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ অসম আৰক্ষীৰ সু–নামত দাগ লগাই একাংশ অসাধু আৰক্ষী বিষয়া–কনিষ্টবলে ৰাজ্যৰ বিভিন্ন স্থানত দাবী–ধমকিৰে বিভিন্নজনৰ পৰা গুণ্ডাকৰ সংগ্রহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ পল্টনবজাৰত ব্যাপক হাৰত আৰক্ষীয়ে গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ পল্টনবজাৰ আৰক্ষীৰ ছত্রছায়াত থানাখনৰ একাংশ অসাধু আৰক্ষী বিষয়া–কনিষ্টবলে থানা এলেকাত প্রতিদিনে দৃষ্টিকটুভাৱে গুণ্ডাকৰ সংগ্রহ কৰা দৃশ্য তেনেই সুলভ৷ তালাচীৰ নামত সাধাৰণ জনতাক হাৰাশাস্তি কৰি ভয়–ভাবুকিৰে পল্টনবজাৰ থানাৰ একাংশ অসাধু আৰক্ষী বিষয়া আৰু কনিষ্টবলে বিভিন্নজনৰ পৰা ধন সংগ্রহ কৰি আহিছে৷ কেৱল ভয়–ভাবুকিৰে সাধাৰণ লোকৰ পৰা ধন সংগ্রহ কৰাই নহয়, পল্টনবজাৰ থানা এলেকাৰ পদপথ ব্যৱসায়ী, গুৱাহাটীৰ পৰা শ্বিলংলৈ চলা বাহন, পল্টনবজাৰৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানলৈ চলাচল কৰা বাহনৰ পৰা প্রতিদিনে পল্টনবজাৰ থানাৰ আৰক্ষীয়ে গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ পল্টনবজাৰ থানাৰ একাংশ অসাধু বিষয়াৰ ছত্রছায়াত গঢ়ি উঠা গুণ্ডাকৰ সংগ্রহ কৰা আৰক্ষী বাহিনীটোৰ বিৰুদ্ধে শীঘ্রে ব্যৱস্থা গ্রহণ কৰিবলৈ মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাক ভুক্তভোগী ৰাইজে আহ্বান জনাইছে৷

You might also like