নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাষ্টিক আৱর্জনাৰে ভৰিছে গণেশগুৰি বজাৰৰ নলা

নলা নিষ্কাশনত ব্যর্থ গুৱাহাটী পৌৰ নিগম

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ প্রহসনত পৰিণত হৈছে গুৱাহাটী পৌৰ নিগমৰ নলা নিষ্কাশন আঁচনি৷ গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লগতে পৰিষ্কাৰ–পৰিচ্ছন্ন প্রতি লক্ষ্য ৰাখি জিএমচি কর্তৃপক্ষই মহানগৰীৰ নলা–নর্দমা নিষ্কাশনৰ বাবে ৰাজকোষৰ ধন ব্যয় কৰি আহিছে যদিও কার্যতঃ এই আঁচনিৰ সফল ৰূপায়ণ হোৱা নাই৷ ফলত প্লাষ্টিকৰ বটল আৰু আৱর্জনাৰে ভৰিছে মহানগৰীৰ নলা–নর্দমা৷ দিছপুৰৰ জনতা ভৱনৰ গাতে লাগি থকা গণেশগুৰি বজাৰৰ মাজেৰে পাৰ হৈ যোৱা নলাৰ আৱর্জনাই এই কথা প্রমাণ কৰে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি পৌৰ নিগম কর্তৃপক্ষই নলা–নিষ্কাশন নকৰাৰ বাবে প্লাষ্টিকৰ বটল আৰু অনান্য গোটা আৱর্জনাৰে ভৰি পৰিছে গণেশগুৰি বজাৰৰ নলা৷ ফলত নলাৰ পানী বহন ক্ষমতা হ্রাস পোৱা পৰিলক্ষিত হৈছে৷ ইপিনে, উন্মুক্ত নলাত একাংশ ব্যৱসায়ীয়ে গেলা–পচা পাচলি আদি পেলাই বজাৰৰ পৰিৱেশ বিনষ্ট কৰিছে৷ তদুপৰি নলাৰ পৰা নির্গত হোৱা পুতিগন্ধময় পৰিৱেশৰ মাজতে গ্রাহকে বজাৰ কৰাৰ বিপৰীতে এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত ব্যৱসায়ীসকলে দিন পাৰ কৰিবলগীয়া হৈছে৷ একাংশ ব্যৱসায়ীয়ে জনোৱা মতে, নিশাৰ ভাগত একাংশ অসাধু লোকে উন্মুক্ত নলাত মৰা কুকুৰ, মেকুৰি পেলাই থৈ যোৱাৰ সমান্তৰালকৈ হোটেল ব্যৱসায়ীসকলে নিশা নলাত আৱর্জনা পেলাই পৰিৱেশ বিনষ্ট কৰিছে৷

You might also like